অসম লাইভ ২৪ঃ চীন-ভাৰতৰ সংঘৰ্ষই প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে বিশ্ব ক্ৰিকেটৰ হাই ভল্টেজ প্ৰতিযোগিতা IPLত । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ টাইটেল স্পনছ’ৰ হ’ল চীনৰ মোবাইল কোম্পানী Vivo। ভাৰতৰ শীৰ্ষ ব্যৱসায়িক সংগঠন চেম্বাৰ অৱ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীয়ে বৰ্জন কৰিছে চীনৰ Vivoকে ধৰি একাধিক কোম্পানীক। আইপিএলতো Vivo বৰ্জনৰ আহ্বান ব্যৱসায়িক সংস্থাৰ। পত্ৰ লিখিছে BCCIৰ সভাপতি সৌৰভ গাংগুলীলৈও। সংস্থাৰ ব্ৰিজেছ গোৱেলে শীঘ্ৰে চীনৰ প্ৰতিষ্ঠানৰ স্পনছৰৰ সকলো সম্পৰ্ক চ্ছিন্ন কৰিবলৈ দাবী জনাইছে। যদি BCCI-এ এই দাবী নামানে, তেন্তে ব্যৱসায়ীসকলে IPL বৰ্জন কৰিব বুলি মন্তব্য কৰিছে। ব্যৱসায়ীসকলৰ এই দাবীৰ বিপৰীতে ধৰ্মসংকটত পৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ড। কিয়নো ২০২২ পৰ্যন্ত Vivoৰ সৈতে চুক্তি আছে IPLৰ। প্ৰতিবছৰে এই কোম্পানীটোৰ পৰাই ভাৰতীয় ক্ৰিকেটৰ আয় হয় ৪৪০ কোটি টকা। এনে প্ৰেক্ষাপটত ৪৪০ কোটি টকা নে ভাৰতীয়ৰ আবেগক BCCI-এ প্ৰাধান্য দিব সেয়া অৱশ্যে সময়ে নিৰ্ধাৰণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ