অসম লাইভ ২৪ঃ ‘কোভিড-১৯’ৰ সংক্ৰমণে বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে আয়ুৰ্বেদিক প্ৰতিষ্ঠান ‘পতঞ্জলি’য়ে বজাৰত মুকলি কৰিলে ক’ৰোনাৰ ঔষধ। ঔষধটোৰ নাম ‘Coronil & Swasari’। দেশজুৰি ২৮০ গৰাকী ক’ৰোনা ৰোগীৰ শৰীৰত ‘ক্লিনিকেল ট্ৰায়েল’ সফলতাৰে সম্পন্ন কৰি ঔষধবিধ বজাৰত মুকলি কৰি দিয়া হয় বুলি দাবী ‘পতঞ্জলি’ৰ প্ৰতিষ্ঠাপক যোগগুৰু ৰামদেৱৰ। ‘পতঞ্জলি’ৰ মতে ‘ক্লিনিকেল ট্ৰায়েল’ত পোহৰলৈ আহে যে ৩দিন ঔষধবিধ ব্যৱহাৰ কৰি ৬৯শতাংশ ৰোগী আৰোগ্য হৈছে। আনহাতে, ঔষধবিধ ৭দিন ব্যৱহাৰ কৰি ১০০শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সেয়ে ‘Coronil & Swasari’ৰ ৭দিনীয়া ক’ৰ্ছৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে। দেশজুৰি ঔষধবিধ প্ৰয়োগ কৰা ২৮০গৰাকী ৰোগীয়ে ইতিমধ্যে ৰোগমুক্ত হোৱা বুলি দাবী প্ৰতিষ্ঠানটোৰ।
National Institute of Medical Sciences (NIMS), জয়পুৰৰ সহযোগত ‘পতঞ্জলি’ৰ গৱেষকে এক বৃহৎ সফলতা লাভ কৰা বুলি দাবী কৰে ৰামদেৱে। বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমোদন লাভ কৰাৰ পাছতহে ‘ক্লিনিকেল ট্ৰায়েল’ সম্পন্ন কৰা হয় বুলি উল্লেখ কৰে ৰামদেৱে। ঔষধ মুকলি অনুষ্ঠানটোত ৰামদেৱৰ সৈতে উপস্থিত থাকে ‘পতঞ্জলি’ৰ CEO আচাৰ্য বালকৃষ্ণ।
এইপৰ্যন্ত ক’ৰোনা প্ৰতিৰোধী ঔষধ উদ্ভাৱনৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য যে পশ্চিমীয়া, পৰম্পৰাগত অথবা ঘৰুৱা চিকিৎসা পদ্ধতিত ক’ৰোনা ৰোগ নিৰাময় হয় বুলি সহজে পতিয়ন নাযাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কতাবাণী জাৰি কৰি থৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ