কেঞ্চাৰত আক্ৰান্ত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা প্ৰশিক্ষক, মনত কৰি চকু পানী টুকিলে কপিল দেবে
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক তথা ক্ৰিকেটাৰ অংশুমান গাইকোৱাড বৰ্তমান তেজৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত। এইগৰাকী ৭১ বছৰীয়া প্ৰবীণ ক্ৰিকেটাৰ লণ্ডনত চিকিৎসাধীন হৈ আছে। এই তথ্য পোৱাৰ লগে লগে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সহায়ৰ হাত আগবঢ়াই। অংশুমান গাইকৱাদৰ চিকিৎসাৰ বাবে তৎকালীনভাৱে ১ কোটি টকাৰ ধন দিয়াৰ সিদ্ধান্ত লৈছে ব’ৰ্ডে।
বি চি চি আইৰ সম্পাদক জয় শ্বাহৰ পৰা এই তথ্য পোৱাৰ লগে লগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হয়। পৰিয়ালৰ লোকৰ সৈতে কথা পাতি থাকোঁতে তেওঁ প্ৰবীণগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰি সহায়ৰ কথা ঘোষণা কৰে।
শনিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে শ্বেয়াৰ কৰিছিল যে তেওঁৰ সতীৰ্থ অংশুমান গাইকোৱাড কৰ্কট ৰোগত আক্ৰান্ত। তেওঁ কয় যে তেওঁৰ সৈতে খেলা এই বেটছমেনজনে বহু বিপদৰ মাজত আছে। সেয়ে কপিলে বিচিচিআইক সহায় বিচাৰে সতীৰ্থৰ বাবে। সেই আহ্বানতে চকু পানী ওলাই যায় কপিল দেবৰ।
এই খবৰ ওলোৱাৰ লগে লগে বি চি চি আইৰ সম্পাদকে অংশুমান গাইকোৱাডক ১ কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে। গাইকৱাদক সহায় কৰিবলৈ ক্ৰিকেট ব’ৰ্ডক আহ্বান জনোৱা প্ৰাক্তন অধিনায়ক কপিল দেৱ আৰু সন্দীপ পাটিলৰ আৱেগিক আবেদনৰ পিছতে বিচিচিআইৰ এই সিদ্ধান্ত লোৱা হৈছে।
বিচিচিআই এপেক্স কাউন্সিলে প্ৰকাশ কৰা এক বিবৃতিত কয় যে, ‘জয় শ্বাহে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক নিৰ্দেশ দিছিল কৰ্কট ৰোগৰ সৈতে যুঁজি থকা প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গাইকোৱাডক আৰ্থিক সাহায্য প্ৰদানৰ বাবে তৎকালীনভাৱে ১ কোটি টকা মুকলি কৰি দিব লাগে।”
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ডি কে গাইকোৱাডৰ পুত্ৰ অংশুমান গাইকোৱাড। বৰ্তমানে লণ্ডনৰ কিংছ কলেজ হাস্পতালত তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিবৃতি অনুসৰি, শ্বাহে গাইকোৱাডৰ পৰিয়ালৰ সৈতেও কথা পাতি পৰিস্থিতিৰ বুজ লৈ সহায় আগবঢ়ায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ