গৰমত স্বাস্থ্য আৰু সৌন্দর্য অটুট ৰখা কোনো কোনো সময়ত জটিল হৈ পৰে। আগবঢ়াব বিচাৰিছো গৰমৰ দিনত হাতদুখনৰ সৌন্দর্য অটুট ৰখাৰ উপায়। হাতদুখন যদি ৰ’দে পুৰি ক’লা পৰিছে বা ৰাফ হৈ পৰিছে, তেনেহ’লে গৰম পানীত শ্বেম্পু দি হাতদুখন কিছুসয়ম তিয়াই থওক। কিছুসময়ৰ পাছত পৰিষ্কাৰ পানীৰে হাতদুখন ধুই ক্ৰীম লগাই মাছাজ কৰিব। হাতদুখন কোমল হৈ পৰিব। যদি ৰ’দে পুৰিছে তেনেহ’লে পানীত অকণমান বেচন দি তাত সামান্য এলোভেৰা দি পেক তৈয়াৰ কৰি লওক। তাত অলপ নেমুৰ ৰস দি প্ৰলেপটো হাতদুখনত লগাওক। দহ মিনিটমান ৰখাৰ পাছত ধুই পেলাওক। পার্থক্য নিজেই ধৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ