নিশা শোৱাৰ সময়ত সদায়ে নাকে শব্দ দিয়ে? টোপনিত নাকে শব্দ দিয়াৰ বাবে বহুতেই অস্বস্তিতো ভূগে৷ কিন্তু কিয় এই সমস্যা হয়? বহুতেই টোপনিত নাক বাজিলে তাক সাধাৰণ সমস্যা বুলিয়েই ধৰি লয়৷ সাধাৰণতে ঘুমন্ত অৱস্থাত নাক,মুখ, ডিঙিৰ পৰা আৰম্ভ কৰি শ্বাসনলীৰ কোনো অংশত বায়ুৱে বাধা পালেই এনে শব্দ তৈয়াৰ হয়৷ কিন্তু বহুতেই নাজানে এই নাক বজাৰ নেপথ্যত থাকিব পাৰে ভিটামিন ডিৰ ঘাটিও৷ যি বেছিভাগ মানুহেই বুজিব নোৱাৰে৷ বিশেষজ্ঞৰ মতে বৰ্তমান বহু মানুহৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা কম৷ এই ভিটামিনে কেৱল হাড়েই মজবুত নাৰাখে, ইয়াৰ সৈতে পেশী, শ্বাসনলী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতেও যুক্ত৷
কেনেকৈ ভিটামিন ডিৰ ঘাটি বাবে নাক বাজে? চিকিৎসকৰ বাখ্যা অনুসৰি ভিটামিন ডিয়ে শৰীৰৰ বিভিন্ন পেশীক শক্তিশালী কৰি ৰাখে৷ ইয়াৰ মাজত আছে ডিঙি আৰু শ্বাসনলীৰ পেশী৷ যেতিয়া ভিটামিন ডি কমি যায় তেতিয়া এই পেশীসমূহ ঢিলা হৈ পৰে৷ ফলত টোপনিৰ সময়ত শ্বাসনলী আংশিকভাৱে বন্ধ হৈ যায় আৰু বতাহ চলাচলৰ সময়ত শব্দ তৈয়াৰ হয়৷
ইয়াৰোপৰি ভিটামিন ডি কম থাকিলে শৰীৰৰ ভিতৰত ফোলাভাৱ বাঢ়িব পাৰে৷ ইয়াৰ প্ৰভাৱ নাক আৰু ডিঙিৰ ভিতৰত পৰে৷ ফলত শ্বাস লোৱা আৰু কঠিন হৈ পৰে আৰু নাকে শব্দ দিয়াৰ সমস্যা বাঢ়ে৷ এইক্ষেত্ৰত কেৱল নাকে শব্দ দিয়াই নহয় আৰু অন্য অন্য লক্ষণেও দেখা দিব পাৰে৷
চিকিৎসকে জনোৱা অনুসৰি ভিটামিন ডৰ ঘাটি হ’লে কেৱল নাকে শব্দ দিয়াই নহয় আৰু কিছু সমস্যাই দেখা দিয়ে৷ যেনে ক্লান্ত অনুভৱ হোৱা, ঠিকমতে টোপনি নোহোৱা, পেশিত বিষ বা দুৰ্বলতা, বাৰে বাৰে চৰ্দি কাঁহ হোৱা, মন বেয়া হোৱা বা মনোযোগ কমি যোৱা৷
কেনেকৈ ভিটামিন ডিৰ ঘাটি পূৰণ কৰিব? ভিটামিন ডিৰ মাত্ৰা বঢ়োৱা খুবেই কঠিন কামো নহয়৷ বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২০-৩০ মিনিট ৰ’দত থকা খুবেই দৰকাৰী৷ কণীৰ কুহুম, সামুদ্ৰিক মাছ, মাছৰুমৰ দৰে খাদ্য ভাল৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শত ভিটামিন ডিৰ ছাপ্লিমেণ্ট লোৱাও জৰুৰী৷ যদি নিয়মিত নাকে শব্দ দিয়াৰ সমস্যা থাকে বা টোপনি ভাঙি যোৱাৰ সমস্যা থাকে বা পুৱা উঠিয়েই ক্লান্ত লাগে তেন্তে এই বিষয়টোক সাধাৰণ সমস্যা বুলি নাভাৱিব৷ চিকিৎসকৰ পৰামৰ্শত ভিটামিন এ ৰ মাত্ৰাও পৰীক্ষা কৰোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷
নাকে শব্দ দিয়াটো কেৱল বিৰক্তিকৰ অভ্যাসেই নহয়, বহু সময়ত ই শৰীৰৰ ভিতৰত সমস্যা থকাৰো ইংগিত দিয়ে৷ ভিটামিন ডিৰ ঘাটি সেই সমস্যাসমূহৰ মাজত অন্যতম৷ সেয়ে টোপনিৰ সমস্যা হলে কেৱল অভ্যাসেই নহয়, শৰীৰৰ পুষ্টিৰ দিশতো নজৰ দিয়া জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















