পঞ্চম টেষ্ট ভাৰতৰ নামত কৰাৰ সুযোগ, আঘাত লৈ আঁতৰিল ইংলেণ্ডৰ কেপ্টেইন
ভাৰত বনাম ইংলেণ্ডৰ মাজৰ পঞ্চম টেষ্ট কাইলৈ ৩১ জুলাইৰ পৰা আৰম্ভ হ’ব। এই টেষ্ট খনত ইংলেণ্ড জয়ী হ’লে চিৰিজ দখল কৰাৰ বিপৰীতে ভাৰতে জয়লাভ কৰিলে সমতা স্থাপন হ’ব। কাৰণ বৰ্তমানে ২-১ত আগবাঢ়ি আছে ইংলেণ্ড দল। আনহাতে এখন খেল ড্ৰ’ হৈছে।
এতিয়া অন্তিমখন মেচ অ’ভেলত অনুষ্ঠিত হ’ব। মেচখনৰ বাবে প্লেইং ইলেভেন এদিন আগতীয়াকৈ ঘোষণা কৰা হৈছে। বিশেষ কথাটো হ’ল ঘোষণা কৰা ইংলেণ্ড দলৰ অধিনায়ক শেষৰ মেচখনৰ পৰা বাহিৰ। কান্ধত আঘাত লৈ আঁতৰিল বেন ষ্ট’কছ। এতিয়া অলি পোপে অধিনায়ক হিচাপে দায়িত্ব ল’ব ইংলেণ্ড দলৰ।
কেৱল কেপ্টেইনে নহয়, দলটোৱে নিজৰ প্লেইং ইলেভেনত কেইবাগৰাকী খেলুৱৈ সলনি কৰিছে। ফাষ্ট বলাৰ জোফ্ৰা আৰ্চাৰ, অলৰাউণ্ডাৰ লিয়াম ড’ছন, ফাষ্ট বলাৰ ব্ৰাইডন কাৰ্ছ দলৰ পৰা বাহিৰ।
কেইবাগৰাকী সুদক্ষ খেলুৱৈ এতিয়া দলৰ পৰা বাহিৰ হোৱাৰ লগতে কেপ্টেইনো বাহিৰ হোৱাৰ ফলত ভাৰতৰ হাতত শেষৰখন টেষ্ট মেচ জয়ী হোৱাৰ সুবৰ্ণ সুযোগ। যদিও ভাৰতৰ হাতত এতিয়া শৃংখল জয়ী হোৱাৰ সুযোগ নাই, তথাপি সমতা স্থাপন কৰাৰ সুযোগ এতিয়াও আছে। ভাৰতে এতিয়ালৈ দল ঘোষণা কৰা নাই।
ইংলেণ্ডৰ ঘোষণা কৰা দল- জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ (অ), জো ৰুট, হেৰী ব্ৰুক, জেকব বেথেল, জেমী স্মিথ (wk), ক্ৰীছ ৱ’কেছ, গাছ এটকিনছন, জেমী অভাৰটন, জোছ টংগ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















