লাহে লাহে বাঢ়ি আহিছে গৰমৰ মাত্ৰা। এনে গৰমত পেট ঠাণ্ডা কৰি ৰখাটো খুব জৰুৰী। ইয়াৰ বাবে আমাৰ মনলৈ সততে আহে পঁইতা ভাতৰ কথা। পঁইতা ভাত খালে আপোনাৰ পেট ঠাণ্ডা থাকিব। পিছে এয়া সত্যনে?
SEE MORE: মালিকক নোসোধাকৈ চিঙৰা খোৱাৰ বাবেই গ্ৰাহকক মৰিয়াই হত্যা
পঁইতা ভাত কি?
আমি সকলোৱে জানো ভাতত শৰ্কৰা থাকে। সেই ভাত যদি পানীত ৰখা হয়, তেতিয়া তাৰ বিভিন্ন বেক্টেৰীয়া বা ইষ্টে শৰ্কৰা ভাঙি ইথানল আৰু লেক্টিক এছিড তৈয়াৰ কৰে। এছিড তৈয়াৰৰ ফলত ভাতৰ অম্লতা বৃদ্ধি হয়। এনেদৰে পানীত তিয়াই ৰখা ভাতকে পঁইতা বা পন্তা ভাত বোলে।
পঁইতা ভাতৰ পুষ্টিকৰ গুণ
১২ ঘণ্টা পানীত তিয়াই ৰখা ১০০ গ্ৰাম পঁইতা ভাতৰ আইৰণৰ মাত্ৰা ৭৩.৯১ মিলি গ্ৰামলৈ বৃদ্ধি পায়। সম পৰিমাণৰ গৰম ভাতত আইৰণৰ পৰিমাণ মাত্ৰ ৩.৪ মিলি গ্ৰাম। পটেছিয়াম আৰু কেলছিয়ামৰ বৃদ্ধিৰ পৰিমাণ ক্ৰমে ৮৩৯ আৰু ৮৫০ মিলিগ্ৰাম। ইয়াৰ বিপৰীতে গৰম ভাতত থকা কেলছিয়ামৰ পৰিমাণ মাত্ৰ ২১ মিলিগ্ৰাম। পঁইটা ভাতত ৩০৩ মিলিগ্ৰাম ছ’ডিয়াম থকাৰ বিপৰীতে গৰম ভাতত ইয়াৰ পৰিমাণ ৪৭৫ মিলিগ্ৰাম।
SEE MORE: মুকেশ আম্বানীক পিছ পেলালে আদানীয়ে, বিশ্বৰ কেই নম্বৰ ধনী ব্যক্তি হ’ল গৌতম আদানী?
ভিটামিনৰ উৎস
আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিনো পোৱা যায় পঁইটা ভাতত। ভিটামিন B6 আৰু B12ৰ ভাল উৎস হ’ল পঁইটা ভাত।
সতেজ হয় শৰীৰ
গৰমৰ দিনত ঘামৰ কাৰণে শৰীৰৰ বাবে প্ৰয়োজনীয় বহু উপাদান ঘামৰ লগত বাহিৰলৈ আহে। এনেক্ষেত্ৰত শৰীৰৰ ভিতৰ ভাগ ঠাণ্ডা আৰু সতেজ কৰি ৰখাত পঁইতা ভাতৰ অৱদান অনবদ্য। শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ দৰে দেখা দিয়া সমস্যা সমাধানত পঁইতা ভাতৰ ভূমিকা গৱেষকসকলে ইতিমধ্যে অনেকবাৰ উল্লেখ কৰিছে।
দূৰ কৰে পেটৰ পীড়া
নিয়মিতভাৱে পন্তা ভাত খালে পেটৰ নানা সমস্যাৰ পৰা হাত সাৰিব পাৰি। দূৰ হয় কোষ্ঠকাঠিন্যৰ দৰে সমস্যা। সতেজ কৰে শৰীৰ। ভাল হয় হজম শক্তি।
শক্তি যোগায়
পন্তা ভাত খায় যিয়ে হাতীৰ সমান বল পায় সিয়ে। গ্ৰাম্য সমাজত প্ৰচলিত এই আপ্ত বাক্যশাৰীয়েই ইংগিত দিয়ে পঁইতা ভাতৰ পুষ্টিকৰ গুণাৱলী। আমাৰ শৰীৰ উপকৰী অনেক বেক্টেৰীয়া পোৱা যায় পঁইতা ভাতত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ