অসম লাইভ২৪ঃ দীপাৱলীৰ দুদিন পাছতেই কাতিৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত ভাই ফোঁটা পালন কৰা হ’ব৷ এই উৎসৱক যম দ্বিতীয়া নামেৰেও জনা যায়৷ এই দিনটোত ভাতৃৰ কঁপালত ফোঁট দি তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰে ভনীয়েকে৷ ভাতৃৰ কঁপালত চন্দনৰ ফোঁট দিয়ে ভনীয়েক বা বায়েকে৷ এই দিনটোত নিয়ম মানি ভাতৃৰ কঁপালত ফোঁট দিলে যমৰ ভয়ৰ পৰা মুক্তি লাভ কৰে বুলি লোকবিশ্বাস৷ ইয়াৰোপৰি ভাতৃ-ভগ্নীৰ অকাল মৃত্যুৰ আশংকাও দূৰ হয়৷ এই বৰ্ষত ভাই ফোঁটাক লৈ বিভ্ৰান্তি আছে৷ আগতীয়াকৈ ভাই ফোঁটৰ তাৰিখ আৰু মাহাত্ম্য জানি থওক৷
ভাই ফোঁটা কেতিয়া?
এই বছৰ দুদিন ধৰি ভাই ফোঁটা পালন কৰা হ’ব৷ ১৪ আৰু ১৫ নৱেম্বৰ দুদিন ধৰি ভাইফোঁটা পালন কৰা হ’ব৷ পঞ্জিকা অনুসৰি কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথি আৰম্ভ হ’ব ১৪ নৱেম্বৰৰ দুপৰীয়া ২ বাজি ৩৬ মিনিটৰ পৰা আৰম্ভ হৈ শেষ হ’ব ১৫ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ৪৭ মিনিটত৷ হিন্দু ধৰ্মৰ উদয়া তিথিত অধিকাংশ উৎসৱ পালিত হোৱাৰ প্রথা আছে৷ সেয়ে উদয়া তিথি মানি ১৫ নৱেম্বৰত ভাই ফোঁটা পালিত হ’ব৷ ফোঁটা দিয়াৰ শুভক্ষণ পুৱা ১০ বাজি ৪৫ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ০৫ মিনিট পৰ্যন্ত৷ উল্লেখ্য যে এইবাৰ ভাই ফোঁটাৰ শুভ যোগ আছে৷ এই যোগক অত্যন্ত শুভ বুলি ধৰা হয়৷
কিয় পালন কৰা হয় ভাই ফোঁটা?
পুৰাণ অনুযায়ী সূৰ্য আৰু তেওঁৰ পত্নী সংজ্ঞাৰ দুগৰাকী সন্তান আছিল৷ দুই সন্তানৰ এটা সন্তান হৈছে যম আৰু আনটো যমুনা৷ দুই ভায়েক ভনীয়েকৰ মাজত আছিল বিশেষ বান্ধোন৷ যমুনাই সকলো সময়তে বিচাৰিছিল তেওঁৰ ভাতৃয়ে তেওঁৰ ঘৰলৈ ভোজনৰ বাবে আহক৷ কিন্তু যমৰাজে সদায়ে ভনীয়েকৰ অনুৰোধ উপেক্ষাই কৰি আছিল৷ কিন্তু হঠাৎ এদিন শুক্ল পক্ষৰ দ্বিতীয়া তিথিত দুপৰীয়া যমৰাজ যমুনাৰ ঘৰত উপস্থিত হয়৷ নিজৰ ঘৰত যমৰাজক দেখি অত্যন্ত সুখী হয় যমুনা৷ তাৰপিছতেই ভাতৃক মন খুলি ভোজন আগবঢ়াই যমুনাই৷
ভগ্নীৰ আতিথ্যত সুখী হৈ যমে ভগ্নীক কি বৰ লাগে সোধে৷ তেতিয়া যমুনাই কয় যে, যমৰাজে যেন প্ৰতি বছৰে কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত তেওঁৰ ঘৰলৈ ভোজনৰ বাবে আহে৷ যমে ভগ্নীৰ এই আশা পুৰণ কৰিম বুলি কথা দিয়ে৷ তেতিয়াৰে পৰাই প্ৰতিবছৰে দীপাৱলীৰ সময়ত ভাই ফোঁটা পালন কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ