দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ লাৰুৱাজানত সংঘটিত হৈছে এক জঘন্য ঘটনা। এটা ভণ্ডবাবাৰ কামনাৰ বলি হল এগৰাকী ন-বোৱাৰী৷ ভণ্ডবাবাক সান্তনা দিবলৈ অমান্তি হোৱাত নিজ পত্নীক আমানুসিক শাস্তি বিহি ঘৰৰ পৰা খেদি পঠিয়ালে এগৰাকী নৱ বিবাহিতা বোৱাৰীক ৷ সাংবাদিকৰ আগত চিঞৰি চিঞৰি বৰ্ণনা কৰিলে বোৱাৰী গৰাকীৰ বৈবাহিক জীৱনত ঘটা তিক্ত কাহিনী৷
ভণ্ডবাবাটোৰ নাম হজৰত আলী ওৰফে চয়তান ৷ গাত ঐশ্যৰিক শক্তি থকা বুলি নিজকে ভগৱানৰ সমতুল্য বুলি পৰিচয় দি পৰস্ত্ৰীৰ সৈতে সহবাস কৰাটোৱেই হৈছে হজৰত আলী ওৰফে চয়তানৰ প্ৰধান কাম ৷ অভিযোগ মতে, ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ১১ নং বাহাদুৰটাৰী গাঁৱৰ এগৰাকী শিক্ষিত যুৱতীয়ে বিয়াত বহিছিল ছয়গাঁৱৰ লাৰুৱাজান গাঁৱৰ কাবেল উদ্দিন নামৰ যুৱকৰ সৈতে ৷ বিবাহৰ পিছৰে পৰা ভণ্ডবাবা চয়তানে নজৰ দিছিল নৱবিবাহিতা বোৱাৰীজনীক৷ স্বামী কাবেল উদ্দিন আৰু শাহুৱেকৰ সন্মতি সাপেক্ষে হজৰত আলী ওৰফে চয়তানে কেবাবাৰো ধৰ্ষণ কৰিছিল নৱবিবাহিতা বোৱাৰীগৰাকীক ৷
পিছলৈ শিক্ষিত বোৱাৰীগৰাকীয়ে এনে জঘন্য কামৰ বিৰোধিতা কৰাৰ বাবেই স্বামী আৰু শাহুৱেকে মিলি অকথ্য নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিয়ে বোৱাৰীগৰাকীক ৷ অৱশেষত জোৰশিমুলী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী বোৱাৰীগৰাকী৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো এজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ