অসম লাইভ ২৪ঃ কোভিডৰ বিৰুদ্ধে ৭৭.৮ শতাংশ কাৰ্যকৰী কোভিড ভেকচিন কোভাক্সিন। কোভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ তথ্য প্ৰকাশ কৰিলে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে। তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ বিশ্লেষণ অনুসৰি কোভিড ভাইৰাছৰ বিৰুদ্ধে ৭৭.৮ শতাংশ কাৰ্যকৰী কোভাক্সিন। হায়দৰাবাদৰ ভেকচিন নিৰ্মাতা কোম্পানী ভাৰত বায়’টেকে ICMRৰ সহযোগত তৈয়াৰ কৰিছে কোভিড ভেকচিন ‘কোভাক্সিন’। তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েলৰ তথ্য অনুসৰি, কোভিডৰ গুৰুতৰ লক্ষণযুক্ত ফৰ্মৰ বিৰুদ্ধে ৯৩.৪ শতাংশ, লক্ষণবিহীন কোভিডৰ বিৰুদ্ধে ৬৩.৬ শতাংশ কাৰ্যকৰী ভেকচিনবিধ। কোভিডৰ শেহতীয়া ডেল্টা ভেৰিয়েণ্টৰ বিৰুদ্ধে ৬৫.২ শতাংশ কাৰ্যকৰী কোভাক্সিন। শনিবাৰে এই তথ্য প্ৰকাশ কৰে ভাৰত বায়’টেকে। ভাৰত বায়’টেকে মেডিকেল জাৰ্ণেল medRxivত এই সন্দৰ্ভত এটি নিবন্ধ প্ৰকাশ কৰিছে। তথ্যসমূহ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াক দাখিল কৰে ভাৰত বায়’টেকে। উল্লেখ্য, কোভাক্সিনৰ দুয়োটা ড’জ গ্ৰহণ কৰা ২৫,৭৯৮ গৰাকী ব্যক্তিৰ মাজত তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন কৰিছিল প্ৰতিষ্ঠানটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ