মহাৰাষ্ট্ৰৰ ভীৱণ্ডীত সংঘটিত হোৱা দলবদ্ধ ধ*ৰ্ষণৰ অভিযোগত নাম জড়িত হোৱাৰ পিছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা আৰক্ষী বিষয়া শৈলেশ পাটিলক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছে। এই গোচৰত বিজেপিৰ প্ৰাক্তন বিধায়ক নৰেন্দ্ৰ পাৱাৰৰ নামো অভিযুক্ত হিচাপে পোহৰলৈ আহিছে। দুয়োজনকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে কেইবাটাও দল গঠন কৰি অভিযান চলাই আছে।
ইফালে শৈলেশ পাটিলৰ মাতৃ সুলোচনা পাটিলে পুত্ৰৰ বিৰুদ্ধে একাধিক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ পুত্ৰক কঠোৰতম শাস্তি, আনকি মৃ*ত্যুদণ্ড দিয়াৰ দাবী জনাইছে। সুলোচনা পাটিলে অভিযোগ কৰে যে শৈলেশে তেওঁক দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে। ধন-সম্পত্তিৰ বাবেও তেওঁক হাৰাশাস্তি আৰু মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁৰ দাবী অনুসৰি, শৈলেশে ব*ন্দুক দেখুৱাই তেওঁৰ নামত থকা সম্পত্তি নিজৰ আৰু বোৱাৰীৰ নামলৈ হস্তান্তৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। স্বামীয়ে ক্ৰয় কৰা মাটি আৰু আন সম্পত্তিও শৈলেশে নিজৰ দখললৈ নিয়াৰ অভিযোগ কৰিছে তেওঁ। সুলোচনাৰ মতে, কোটি কোটি টকাৰ সম্পত্তি আৰু নগদ ধনৰ বিষয়েও পুত্ৰৰ সৈতে বিবাদ চলি আছে। এই সম্পত্তি সম্পৰ্কীয় বিষয় বৰ্তমান আদালতত বিচাৰাধীন হৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে। বৰ্তমান সুলোচনা পাটিলে পুত্ৰৰ সৈতে নাথাকি জীয়েকৰ ঘৰত আশ্ৰয় লৈ আছে।
কেৱল সেয়াই নহয়, শৈলেশৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে তেওঁৰ মাতৃয়ে। তেওঁৰ দাবী অনুসৰি, বৰ্তমানৰ গোচৰৰ ভুক্তভোগীৰ উপৰি আন কেইবাগৰাকীও যুৱতীৰ বিৰুদ্ধে শৈলেশে একেধৰণৰ অপৰাধ সংঘটিত কৰাৰ অভিযোগ আছে। এই কাৰণতে তেওঁ পুত্ৰক মৃ*ত্যুদণ্ড দিয়াৰ দাবী জনাইছে।
সুলোচনা পাটিলে এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী অনুসৰি, পূৰ্বে এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াক সুৰক্ষা দিবলৈ শৈলেশে এটা গোচৰৰ দায়িত্ব লৈছিল আৰু সেই ঘটনাৰ বাবে তেওঁ কাৰাগাৰলৈও যাবলগীয়া হৈছিল। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত শৈলেশৰ আচৰণ সলনি হোৱা বুলি মাতৃয়ে অভিযোগ কৰে। উচ্চপদস্থ বিষয়াৰ পৰা পোৱা কথিত সুৰক্ষাৰ বাবেই শৈলেশৰ মনোবল বৃদ্ধি পাইছিল বুলিও তেওঁ দাবী কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















