• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈপৰীত্য

বৈপৰীত্য

3 weeks ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

1 hour ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

1 hour ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

5 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

5 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

5 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

6 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

7 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

8 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

8 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home সমীক্ষণ (আলোচনী)

বৈপৰীত্য

'সমীক্ষণ' আলোচনীৰ মুখ্য সম্পাদকৰ টোকা

editor by editor
September 27, 2026
in অসম, বিবিধ, সমীক্ষণ (আলোচনী)
0
বৈপৰীত্য
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
  • দিগন্ত ওজা

১৯৫৭ চনৰ মাৰ্চ মাহ। অষ্ট্ৰেলিয়াৰ পৰা গৈ পাপুৱা নিউ গিনীত উপস্থিত হৈছিল যুক্তৰাষ্ট্ৰৰ ৩৪ বছৰীয়া এজন ডেকা চিকিৎসা বিজ্ঞানী। ওচেনিয়া মহাদেশৰ মেলানেছিয়া অঞ্চলত থকা এই দ্বীপৰাষ্ট্ৰৰ মূল ভূখণ্ড অতি দুর্গম-পাহাৰীয়া আৰু ঘন বৰ্ষাৰণ্যৰে আবৃত পাপুৱা নিউ গিনীত আগ্নেয় উদ্‌দ্গৰণ আৰু ভূঁইকঁপ প্রায় নিয়মিত ঘটনা। আঠশৰ পৰা এহাজাৰ ভিন্ন জনগোষ্ঠীৰ বাসস্থান এই দ্বীপৰাষ্ট্ৰত থকা ফৰে সম্প্ৰদায়ৰ মাজত সেইসময়ত দেখা দিছিল ‘কুৰু’ নামৰ এক অদ্ভুত প্রাণান্তক ৰোগে, যি ৰোগত আক্ৰান্তই চৰম অৱস্থাত অতিমাত্ৰাত হাঁহি হাঁহি মৃত্যুবৰণ কৰিছিল। এই ৰোগবিধৰ বিষয়ে গৱেষণা কৰাৰ বাবেই পাপুৱা নিউ গিনীত উপস্থিত হৈছিলগৈ ডেনিয়েল কার্লটন গাজডুছেক (D. C. Gajdusek)। অষ্ট্ৰেলিয়াত সেইসময়ৰ বিশ্ববিশ্রুত অসংক্রমণ বিশেষজ্ঞ তথা জীৱাণুবিদ, নোবেলজয়ী ড° মেকফাৰলেন বার্নেটৰ অধীনত শিশুৰ ভাইৰাছজনিত ৰোগ তথা প্ৰতিৰোধ ক্ষমতাৰ বিসংগতিৰ বিষয়ে গৱেষণা কৰি থাকোঁতেই গাজডুছেকে জানিব পাৰিছিল- কুৰু ৰোগৰ বলি হোৱাসকলৰ অধিকাংশই নাৰী আৰু শিশু। পাপুৱা নিউ গিনীত তেওঁ উপস্থিত হোৱাৰ কাৰণো আছিল সেয়াই।

কিন্তু ফৰে জনগোষ্ঠীৰ মাজত দেখা দিয়া ৰোগবিধৰ বিষয়ে গৱেষণা কৰি গাজডুছেক স্তম্ভিত হ’ল। কাৰণ এই ৰোগ সংক্রামক; অথচ এই সংক্ৰমণৰ বাবে কোনো বীজাণু বা বেক্টেৰিয়া নহয়, বৰঞ্চ দায়ী প্ৰায়ন নামৰ এক বিসংগতিপূর্ণ প্র’টিন, যি দ্রুতগতিত মগজুৰ সুস্থ কোষৰ ঘাতক হৈ উঠে। দৰাচলতে ফৰে জনগোষ্ঠীৰ মাজত এক অদ্ভুত পৰম্পৰাই বিৰাজ কৰিছিল-কোনো লোকৰ মৃত্যু হ’লে শ্রদ্ধাঞ্জলি হিচাপে তেওঁৰ শৰীৰৰ মঙহ আত্মীয়সকলে ভক্ষণ কৰে, আৰু মগজু অংশ ভক্ষণ কৰে নাৰী তথা শিশুসকলে। এনেদৰেই তেওঁলোকৰ দেহত সোমাইছিল এই প্র’টিন। প্রায়ন প্ৰ’টিনৰ উৎস আৰু সংক্ৰমণ ধৰা পেলোৱা ঘটনাই পাছলৈ বিজ্ঞানী সমাজক প্ৰায়নৰ সৈতে সম্পর্কিত অন্যান্য ৰোগ চিনাক্ত কৰাত সহায় কৰে আৰু এই বিশিষ্ট অৱদানৰ বাবেই ১৯৭৬ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাৰে ডেনিয়েল গাজডুছেকক সন্মানিত কৰা হয়।

এইখিনিলৈকে সকলো ঠিকেই আছিল। কিন্তু এই মহান অৱদানৰ সমান্তৰালভাৱে গাজডুছেকৰ জীৱনৰ আন এটা অধ্যায়ো আৰম্ভ হৈছিল।
ওচেনিয়াৰ পশ্চিম অংশৰ পাপুৱা নিউ গিনী, ফিজি, ভানুৱাটু আদি দ্বীপৰ অধিবাসীসকলৰ দেহৰ বৰণ গাঢ় হোৱাৰ বাবেই এই দ্বীপসমূহক একেলগে মেলানেছিয়া বুলি কোৱা হয়; যিদৰে ওচেনিয়াৰ উত্তৰ-পশ্চিম অংশৰ সৰু সৰু দ্বীপসমূহ, যেনে কিৰিবাটি, মার্শ্বেল দ্বীপপুঞ্জ, পালৌ আদিক একেলগে কোৱা হয় মাইক্ৰ’নেছিয়া। নিজৰ গৱেষণাৰ মাজতে গাজডুছেকে পাপুৱা নিউ গিনী আৰু মাইক্ৰ’নেছিয়াৰ বিভিন্ন দ্বীপৰ পৰা ৩৮টি শিশুক (উৎসভেদে ৫৬টি) আমেৰিকালৈ নি আপডালৰ দায়িত্ব লয়। এইসকল শিশুৱে তেওঁৰ তত্ত্বাৱধানত মার্কিন সমাজৰ সাংস্কৃতিক ভিন্নতাৰ মাজত লালিত-পালিত হৈ ‘মানুহ’ হোৱাৰ পাছতে ১৯৯৬ চনত দুজন লোকৰ পৰা গুৰুতৰ অভিযোগ উঠিলঃ তেওঁলোক দুজন শৈশৱত গাজডুছেকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈছিল! অৱশেষত যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ জেৰাত নোবেলজয়ী বিজ্ঞানীগৰাকীয়েও স্বীকাৰ কৰি ল’লে অভিযোগৰ সত্যতা, যাৰবাবে তেওঁ কাৰাৰুদ্ধও হ’বলগীয়া হৈছিল।

কিয় এনে হ’ল? এগৰাকী নোবেলজয়ী বিজ্ঞানী- যাৰ অৱদানে মানৱ সভ্যতাৰ বিকাশকে ত্বৰান্বিত কৰাৰ পথ সুগম কৰিছিল, তেওঁ কিয় সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড? সঁচা যে গাজডুছেকে তুলি লোৱা সকলো শিশু যৌন নিগ্রহৰ বলি হোৱা নাছিল; কিন্তু দুটি শিশুৰ ক্ষেত্ৰতেনো তেওঁ কিয় এই ঘৃণ্য ভূমিকাত অৱতীৰ্ণ হ’ল? এয়াই নেকি একেজন মানুহৰ মাজত থকা মানৱত্ব আৰু পশুত্বৰ সেই ষ্টিভেনছনখ্যাত ডক্টৰ জেকিল এণ্ড মিষ্টাৰ হাইডৰ বাস্তৱ প্ৰকাশ?

সমাজৰ চকুত ‘উত্তম’ সত্তাক প্রতিনিধিত্ব কৰা ব্যক্তিজনেই আঁৰত থাকি আদিম মুক্ত লালসাৰ প্ৰকাশ ঘটায় কিদৰে মানৱ চৰিত্ৰৰ এই বৈপৰীত্য, একেজন মানুহৰ মাজৰ ভাল-বেয়াৰ সহাৱস্থান দর্শনৰো এক সুদীর্ঘকালীন আলোচনাৰ বিষয়। প্লেটোৱে মানৱ আত্মাক তুলনা কৰিছিল দুটা ঘোঁৰাই টানি থকা এখন ৰথৰ সৈতে, যিখনৰ এটা ঘোঁৰাই মানুহক টানি থাকে ঊর্ধ্বমুখী কর্তব্য আৰু বিবেকৰ প্ৰতি, আৰু আনটোৱে টানি থাকে অৱৰোহী জান্তৱ প্রবৃত্তিৰ পিনে। প্লেটোৱে মত দাঙি ধৰিছিল যে যুক্তিয়ে যেতিয়া কামনাক নিয়ন্ত্ৰণ কৰে, মানুহে নৈতিক জীৱন যাপন কৰিব পাৰে। কিন্তু কামনা আৰু প্ৰবৃত্তিয়ে যেতিয়া যুক্তিক পৰাভূত কৰে, তেতিয়া মানুহ বিপথে যাব পাৰে। একেজন মানুহৰ ভিতৰত সক্ৰিয় হৈ থাকিব পৰা পৰস্পৰবিৰোধী দুটা শক্তিৰ ব্যাখ্যা কৰি জাঁ-জক ৰুছোৱে মত প্রকাশ কৰিছিল যে মানুহ জন্মগতভাবে ভাল, কিন্তু সমাজে তেওঁক কলুষিত কৰে। থমাছ হব্ছে অধিক কঠোৰ দৃষ্টিৰে এইপর্যন্ত কৈছিল যে মানুহৰ প্ৰাকৃতিক প্রবৃত্তিয়েই হিংস্র আৰু স্বাৰ্থপৰ।

যেতিয়া নৈতিকতাৰ পাঠ দোহৰা কোনো ধৰ্মগুৰুৰ অসামাজিক কর্মই অনুৰাগীক হতচকিত কৰে, তেতিয়া বুজিব পাৰি ইমানুৱেল কাণ্টে কোৱা সেই বক্তব্যঃ মানুহৰ ভিতৰত এটা বিবেকভিত্তিক নৈতিক নিয়মে কাম কৰিলেও একে সময়তে তেওঁ স্বাৰ্থপৰ ইচ্ছাৰ দ্বাৰাও পৰিচালিত হয়। যেতিয়া কোনো ৰাজনীতিকে সমাজৰ মংগলৰ দোহাই দি ক্ষমতাত আসীন হৈ ভ্ৰষ্টাচাৰৰ আশ্রয় লয়, তেতিয়া উপলব্ধি কৰিব পাৰি ফ্ৰেডৰিখ নীৎজেকথিত মানুহৰ ভিতৰত থকা ‘দয়ালু’ আৰু ‘ক্ষমতালিপ্সু’ দুই শক্তিৰ কথা, মানুহে একেবাৰে মচি পেলাব নোৱৰা নিজৰ আন্ধাৰ দিশটোৰ কথা।

যি কলম্বাছ আমেৰিকা আৱিষ্কাৰৰ বাবে বিখ্যাত, সেই কলম্বাছেই অতিমাত্রা শোষণ-দমনেৰে বাহামাৰ টাইনো গোষ্ঠীৰ প্ৰায় অৱলুপ্তিৰ কাৰণ হৈছিল। শান্তিৰ নোবেলজয়ী মাদাৰ টেৰেছাৰ আশ্ৰমত মৃত্যুপথযাত্রী ৰোগীৰ বাবে বেদনানাশকৰ অভাৱ আছিল, অথচ মাতৃগৰাকীয়ে এই বেদনাক ঈশ্বৰৰ দান বুলি বিশ্বাস কৰিবলৈ দিছিল। যিগৰাকী উইনষ্টন চার্চিলক দ্বিতীয় মহাসমৰৰ উল্লেখনীয় নেতা আখ্যা দিয়া হয়, ব্রিটেইনৰ কুশলীতম প্রধান মন্ত্ৰী বুলি অভিহিত কৰা হয়, সেই চার্চিল আছিল বর্ণবাদী, চৰম ভাৰতবিদ্বেষী- আৰু আনকি ১৯৪৩ চনৰ বংগৰ ভয়াৱহ দুর্ভিক্ষৰ আঁৰত আছিল তেওঁৰ উদ্যোগত নিৰ্ধাৰিত নীতি! বা সেইদৰে যুক্তৰাষ্ট্ৰৰ যুগান্তকাৰী নেতা হৈও আব্রাহাম লিংকন কৃষ্ণাংগ আৰু শ্বেতাংগ মানুহৰ সম্পূৰ্ণ সামাজিক আৰু ৰাজনৈতিক সমতাৰ সমৰ্থক নাছিল। তেওঁ নিজেই কৈছিল- যদি দাস প্রথা অক্ষুণ্ণ ৰাখিও ইউনিয়ন বচাব পৰা যায়, তেন্তে সেই পথ ল’বলৈও মই প্রস্তুত। এজন গণতান্ত্রিক নেতা হৈও তেওঁ জৰুৰী পৰিস্থিতিত ব্যক্তি-স্বাধীনতাৰ ঊর্ধ্বত ৰাষ্ট্ৰীয় ক্ষমতাক অধিক গুৰুত্ব দিছিল; ১৮৬২ চনৰ ডাকোটা বিদ্ৰোহৰ পাছত ৩৮জন ডাকোটা আদিবাসীক ফাঁচি দি আমেৰিকাৰ ইতিহাসৰে সৰ্ববৃহৎ গণ-ফাঁচিৰ ৰূপকাৰ হৈছিল।

এনে উদাহৰণৰ অভাৱ নাই। প্রশ্ন হয়, সমাজৰ অগ্রণী ব্যক্তিসকলে যদি নিজৰ চৰিত্ৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই পৰম বৈপৰীত্যৰ নিৰন্তৰ প্ৰকাশ ঘটায়, তেন্তে সমাজৰ মানৱ মংগলৰ পথত বাৰে বাৰে অন্তৰায় নহ’বনে? আমি যেতিয়া প্রিয় ৰাজনীতিকৰ অপ্ৰিয় ৰূপ দেখোঁ, তেতিয়াই এই প্রশ্ন অধিক গভীৰ হয়; মানুহে নিজৰ ভিতৰৰ ‘আনজন’ক কিয় দূৰলৈ অস্বীকাৰ কৰিব নোৱাৰে, সেইকথা ভাবি ব্যথিত হ’বলগীয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24samikhyan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক
জীৱনশৈলী

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

October 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

October 18, 2026
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
Next Post
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.