নিমিষা ঠাকুৰীয়া হ*ত্যাকাণ্ডক লৈ আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য। পোহৰলৈ অহা এই তথ্যসমূহ জানিলে সকলো সাধাৰণ মানুহেৰে বুকু কঁপি উঠিব। তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, হ*ত্যাকাণ্ডৰ মাত্ৰ পাঁচদিন পূৰ্বে আছিক আলী আৰু নিমিষা ঠাকুৰীয়াৰ মাজত ৰিলেশ্যনশ্বিপৰ ব্ৰেক আপ ঘটিছিল। ৰিলেশ্যনশ্বিপ ব্ৰেক আপ হোৱাৰ পিছৰে পৰা নিমিষাক আছিকে ফোনযোগে বাৰে বাৰে ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, আছিক আলী নিচাসক্তও আছিল শেহতীয়াকৈ তথ্য ওলাইছে, অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্ত স্পষ্ট হব। আছিক আলী নিচাসক্ত আছিল বাবেই নিমিষাই তেওঁৰ সৈতে সম্পৰ্ক ছেদ কৰিব বিচাৰিছিল বুলি তদন্তত তথ্য পোহৰলৈ আহিছে। হ*ত্যাকাণ্ডৰ দুদিন পূৰ্বেও দুয়োৰে মাজত ফোনযোগে তীব্ৰ কাজিয়া হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্ত অনুসৰি, ইয়াৰ পিছতে আছিকে নিমিষাক সংশ্লিষ্ট হোমষ্টেলৈ লৈ যায়। সেই হোমষ্টেতেই নিমিষাক অতি নৃ*শংসভাৱে হ*ত্যা কৰাৰ অভিযোগ উঠিছে। অৱশ্যে পূৰ্বপৰিকল্পিত আছিল নেকি নিমিষাক হ*ত্যাকাণ্ড সেই বিষয়টো আৰক্ষীয়ে অব্যাহত ৰাখিছে।
তদন্তত পোহৰলৈ অহা তথ্যই হ*ত্যাকাণ্ডটোৰ ভয়ংকৰ ৰূপৰ ইংগিত দিছে। ইয়াৰ লগতে অভিযুক্ত আছিক আলীৰ নৃশংস, অমানৱীয় মানসিকতাও একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। অভিযোগ অনুসৰি, আছিক আলীৰ উপৰিও হ*ত্যাকাণ্ডৰ সময়ত আন যুৱকৰো উপস্থিতি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। পোহৰলৈ আহিছে বুকু কঁপি যোৱা কেতবোৰ ভয়ংকৰ তথ্য। নিমিষাৰ শৰীৰৰ বিভিন্ন স্থানত দাঁতৰ চিনো পোৱা গৈছে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। নিমিষাৰ শৰীৰত এজনতকৈ অধিক যুৱকৰ নিৰ্মম যৌ*ন অত্যাচাৰৰ তথ্যও পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, হোমষ্টেৰ ভিতৰতে আছিকৰ উপৰিও আন যুৱকৰ শোষণ আৰু আক্ৰমণৰ বলি হৈছিল নিমিষা। ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ ভূমিকাক লৈও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীৰ তদন্তত আন এক গুৰুত্বপূৰ্ণ তথ্যও পোহৰলৈ আহিছে। জানিব পৰা মতে, আছিক আলীয়ে দুয়োৱে সম্পৰ্কত থকা সময়ত নিমিষাক প্ৰায়ে হোমষ্টেলৈ লৈ গৈছিল। হ*ত্যাকাণ্ডৰ দিনা ঠিক কি ঘটিছিল, হোমষ্টেত কোন কোন লোক উপস্থিত আছিল আৰু হ*ত্যাকাণ্ডৰ সৈতে আন কোনো লোক জড়িত আছিল নেকি—এই সকলো দিশ আৰক্ষীয়ে তদন্ত কৰি আছে।
ঘটনাটোৰ আঁৰত প্ৰেমৰ সম্পৰ্কৰ বিচ্ছেদ, ভাবুকি আৰু ব্যক্তিগত সংঘাতেই মূল কাৰণ আছিল নেকি, সেই বিষয়েও আৰক্ষীয়ে তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আছে। তদন্ত আগবঢ়াৰ লগে লগে নিমিষা ঠাকুৰীয়া হ*ত্যাকাণ্ডৰ সৈতে জড়িত আৰু অধিক বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















