শুকুৰবাৰৰ দিনটোতেই আছে সুখবৰ৷ ৰথযাত্ৰাৰ দিনটোতেই কমিল সোণৰ দাম৷ বিগত কেইবাদিন ধৰি লেথাৰিকৈ বাঢ়িছিল সোণৰ দাম৷ বহুতেই ধাৰণা কৰিছিল এয়া সোণ ক্ৰয়ৰ সঠিক সময় হয় জানো? আগন্তুক দিনত আৰু বাঢ়িব নে কমিব সোণৰ দাম? বহুতেই ধাৰণা কৰিছিল সোণৰ দাম সৰ্বোচ্চ পৰ্যায় পাইছেগৈ৷ ফলত এইবাৰ দাম কমিবহে! স্বাভাৱিকভাৱেই সোণৰ দামৰ ওঠা নমাক লৈ বহুতৰেই কৌতুহল আছে৷ শেষত ৰথৰ দিনটোতেই আহিছে সুখবৰ৷
বৰ্তমান সোণৰ দাম মধ্যবিত্তই ক্ৰয় কৰিব পৰা অৱস্থাত নাই৷ প্ৰাচীন কালৰে পৰাই আমাৰ দেশত সোণ এক সুৰক্ষিত বিনিয়োগৰ মাধ্যম৷ ফলত দাম আকাশলংঘী হলেও সোণ সকলোৱে অলপকৈ হলেও ক্ৰয় কৰিব খোজে৷ কেৱল সোণেই নহয় দাম বাঢ়িছে ৰূপৰো৷ সম্প্ৰতি ৰূপৰ দামো ১লাখ পাৰ হৈছে৷
চলিত বছৰত সোণৰ দাম ১ লাখ টকা হব পাৰে বুলি জনাইছিল মাৰ্কেট বিশেষজ্ঞই৷ আন্তৰ্জাতিক বজাৰত চলি থকা অনিশ্চয়তাৰ মাজতেই সোণৰ দাম আৰু বাঢ়িব পাৰে ধাৰণা কৰিছিল বহুজনে৷ সম্প্ৰতি যেনেকৈ দাম বৃদ্ধি হৈছে সোণৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে৷
শুকুৰবাৰে ২৭ জুনত কিমান হৈছে সোণৰ দাম?
- ২২ কেৰেট সোণৰ দাম ৯১২৫টকা হৈছে৷
- ১৮ কেৰেটৰ দাম হৈছে ৭৪৯০ টকা৷
- ১ কিঃগ্ৰাঃ ৰূপৰ দাম হৈছে ১০৭০২৯ টকা৷
সোণ আৰু ৰূপ ক্ৰয়ৰ সময়ত ওপৰত দিয়া দামৰ সৈতে আৰু ৩ শতাংশ GST যুক্ত হব৷
বিগত কেইবাবছৰত সোণৰ দাম অভাৱনীয়হাৰত বৃদ্ধি পাইছে৷ সোণালী ধাতুৰ ওপৰত বিনিয়োগ লাভজনক বুলি ভাৱি বহুতেই এতিয়া সোণত বিনিয়োগ আৰম্ভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ