—পৰেশ মালাকাৰ
বিহাৰৰ নিৰ্বাচনৰ ফলাফল কি শ্বাসৰুদ্ধকাৰী, শেষ মুহূৰ্তলৈ! এই নিৰ্বাচনত হেনো এন ডি এ জিকিছে৷ কথাটো সঁচানে? তেওঁলোক কিমানখন আসনত জিকিছে? হয়, এখনত জিকিলেও জিকা৷ কিন্তু সংখ্যাৰ, মানে পৰিমাণৰ গুণগত পাৰ্থক্য নাই জানো? সকলোৱে ধৰিয়ে লৈছিল যে বিহাৰৰ নিৰ্বাচনত এইবাৰ এন ডি এ জিকিব৷ নিৰ্বাচনৰ আগলৈ তাত বামপন্থী দলবোৰৰ বাহিৰে কোনো ৰাজনৈতিক দলে কুৰুং কাৰাঙেই কৰা নাছিল৷ কি আৰ জে ডি, কি কংগ্ৰেছ সকলো নিমাত নিশ্চুপ হৈ আছিল৷ লালু প্ৰসাদ জে’লত৷ লালুৰ দুই পুত্ৰৰ মাজত, পৰিয়ালৰ মাজত নানানটা খামখেয়ালি৷ আৰু বিজেপিৰ সহায়ত সুবিধাবাদী নীতিশ শাসনৰ গাদীত৷ কেউফালে হতাশা আৰু নিৰাশা৷ তেনে এক পৰিৱেশত বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ কিন্তু যেই নিৰ্বাচনৰ দিন চমু চাপি আহিল ,বিজেপি বিৰোধী দলবোৰৰ মাজত মহাজোঁট হ’ল, তেজশ্বী যাদৱে নিৰ্বাচনী সভাবোৰত বক্তৃতা দিবলৈ আৰম্ভ কৰিলে, বিহাৰৰ সাধাৰণ মানুহৰ মাজত, বিশেষকৈ নিম্নবৰ্গৰ মানুহৰ মাজত, যুৱকসকলৰ মাজলৈ কিবা এটা উত্তেজনা, কিবা এটা শিহৰণ আহিল৷ কিবা এটা ঢৌৰ সৃষ্টি হ’ল৷ কি আছিল এই ঢৌ? এই ঢৌ আছিল বিহাৰৰ বঞ্চিত জনগণৰ ঢৌ৷ তেজস্বীয়ে তাৰ নেতৃত্বহে দিছিল৷ আগতে, ভাতৰ লগত পানী খোৱাৰ দৰে এন ডি এ জিকাটো খাটাং আৰু সহজ আছিল৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত, দ্ৰুতগতিত নিৰ্বাচনৰ পট পৰিৱৰ্তন ঘটিছিল৷ তাৰ প্ৰতিফলন ঘটিছিল এক্সিট পলত৷ এতিয়া বিহাৰৰ নিৰ্বাচনৰ ফলাফল ওলাল৷ বিহাৰৰ নিৰ্বাচনত ইভিএমৰ জালিয়াতি হৈছেনে? জয়ৰ ব্যৱধান যেতিয়া সৰহসংখ্যক ভোটত হয়, তেতিয়া ইভিএমৰ জালিয়াতিৰ সম্ভাৱনা ক্ষীণ৷ কিন্তু সীমিত পৰিসৰত যান্ত্ৰিক খেলিমেলি কৰিব নোৱাৰি বুলি ক’ব নোৱাৰি৷ বিহাৰত তেনে হোৱা নাই বুলি কোনেও ক’ব নোৱাৰে৷ হৈছে খাটাং৷ শুনা কথা, কালি হেনো শেষ মূহুৰ্তলৈ বহু আৰ জে ডি প্ৰাৰ্থীক জিকাৰ প্ৰমাণপত্ৰ দিয়া হোৱা নাছিল৷ আন এটা কথা, বীৰদৰ্পে ভাষণ দিবলৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কালি কিয় দিল্লী দৰবাৰলৈ মানে বিজেপিৰ অফিচলৈ নগ’ল? এন ডি এৰ এই জয় পৰাজয়ৰ নামান্তৰহে৷ প্ৰকৃততে কি হৈছে? বিজেপি কেন্দ্ৰত ক্ষমতাত আছে৷ তেওঁলোকৰ হাতত তিনিপাট অস্ত্ৰ আছে- এপাট হিন্দুত্ব, এপাট উচ্চতম ন্যায়ালয় আৰু আনপাট নিৰ্বাচন আয়োগ৷ ৰাহুল গান্ধীৰ বাহিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে মাত মতা মানুহ নোহোৱা হৈছে৷ ভাৰতৰ সাধাৰণ মানুহে কিন্তু সংগ্ৰাম কৰি আছে৷ তেওঁলোকে যাকে য’তে যেনেকৈ পাইছে, তাকে ভৰসাত লৈছে৷ আৰু কি হৈছে? নীতিহীন নীতিশ আকৌ বিহাৰৰ মুখ্মন্ত্ৰী হ’ব পাৰে৷ কিন্তু বিহাৰত নীতিশৰ ৰাজনীতিৰ বেলি লহিয়াইছে৷ বিহাৰত জনতাৰ সংগ্ৰামৰ নেতৃত্ব দিছে বামপন্থী দল আৰু তেজস্বী যাদৱে৷ কংগ্ৰেছো ইয়াৰ লগত চামিল হ’ব লাগিব৷ তেওঁলোকে নিজকে সংশোধন কৰিব লাগিব৷ এই তিনি শক্তিৰ মাজৰ ঐক্য ঘণীভূত হ’লে জনসাধাৰণৰ মাজত আকৌ নতুন আশাৰ সঞ্চাৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ