পুনৰ ব’ল বমৰ শোকাৱহ ঘটনা, এইবাৰ পদপিষ্ট হৈ প্ৰাণ হেৰুৱালে ৭ জনকৈ লোকে, নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা
আজি ১২ আগষ্ট শাওনৰ চতুৰ্থ সোমবাৰ আৰু দেওবাৰে ১১ আগষ্ট তাৰিখে গভীৰ নিশা বিহাৰৰ জেহানাবাদত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। মাখদুমপুৰৰ ভানাভাৰৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰৰ বাহিৰত পদপিষ্ট হৈ ৮ জন লোকৰ মৃত্যু। এই আটাইকেইজন লোকs আজি সোমবাৰে শিৱ লিংগত পানী আগবঢ়াবলৈ আহিছিল। মৃত্যু হোৱা সকলৰ ভিতৰত আছে পুৰুষ-মহিলা উভয়।
যদিও ৭ জন লোকৰ মৃত্যুৰ কথা প্ৰশাসনে নিশ্চিত কৰিছে, কিন্তু ঘটনাটো যি ধৰণে সংঘটিত হৈছে আৰু ভক্ত আহত হোৱাৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। বহু লোকক চিকিৎসাৰ বাবে স্থানীয় মখদুমপুৰ চিকিৎসালয় আৰু জেহানাবাদ সদৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী প্ৰশাসনৰ দল। লগে লগে সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰা হয়। আচলতে শাওন মাহত বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত পানী আগবঢ়াবলৈ বৃহৎ জনসমাগম হয়। সোমবাৰে এই ভিৰ অধিক বাঢ়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা দেওবাৰৰ নিশাৰ পৰা পানী আগবঢ়াবলৈ ভিৰ কৰি লাইন ধৰিছিল বহু ভক্তই।
ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে কয় যে পৰিস্থিতি শ্বাসৰুদ্ধ হৈ পৰিছিল। এজন প্ৰত্যক্ষদৰ্শীয়ে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। লাঠি চাৰ্জৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কয়। পানী আগবঢ়াবলৈ অহা আন এজন ভক্তই জনোৱা মতে, পাহাৰৰ শিখৰত আৰক্ষী আৰু মানুহৰ মাজত কাজিয়া হোৱাৰ পিছত লাঠি চাৰ্জ কৰাৰ বাবেই মানুহ পিছলৈ দৌৰিবলৈ আৰম্ভ কৰে। যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ