• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

2 years ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

46 minutes ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

2 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

2 hours ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

3 hours ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

13 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

14 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

14 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

14 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

15 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

15 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম

editor by editor
April 13, 2024
in অসম, লেখা
0
বিহুৰ বতৰতে জানি থওক হেৰাই যাব ধৰা কেইফাঁকি মান বিহুনাম
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ  অসম আৰু অসমীয়াৰ নিৰ্ভুল দাপোণ এই বিহু। বিহু ক’ত নাই? অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ সকলোতেই বিহু সোমাই আছে। বিহুগীতৰ ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ। সেয়েতো বিহুগীতেই কয় অসমীয়া জনজীৱনৰ কথা। অসমীয়াৰ আয়ুসৰেখা বিহু সেয়ে আজিলৈকে ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত। বিহু গীত নজনা অসমীয়া হয়তো অসমত কমেই ওলাব। তথাপিও সময়ৰ সোঁতত আজিৰ প্ৰজন্মৰ বহুতেই শিকা নাই চহা জীৱনৰ কিছু বিহু নাম। যি নামত সোমাই আছে অসমীয়া জাতিটোৰ পৰিচয়। জনজীৱনৰ প্ৰতিটো কথাই সোমাই আছে বিহুত তাৰমাজতেই কেইটিমান বিহুনাম হয়তো শৈশৱত কাৰোবাৰ চোতালত হুচৰি জোৰোতে আপুনিও আওৰাইছে।

‘লাও  তলে চিকা যায়, মেকুৰীয়ে শুঙি চাই আমি হুচৰি গাওঁ ঐ গোবিন্দাই ৰাম।’

এয়া আছিল শৈশৱৰ হুচৰি। ইয়াৰোপৰি বিহুৰ এনে কিছু অৰ্থ সমৃদ্ধ নাম আছে যিয়ে দেখুৱাই দিয়ে অসমীয়াৰ জীৱনৰ জীয়া ছবি।

‘শিলে বালি চৰাই গিলে ঐ লাহৰী
শিলে বালি চৰাই গিলে
আৰুবেলিৰ বিহুখন চাবলৈ নাপালোঁ
মতাম’হ ৰখীয়া দিলে‌…’

বিহুনামৰ প্ৰত্য়েকটো নামৰেই আছে অৰ্থ। যেনে এই বিহুনামত  প্ৰেমিকক লগ নোপোৱাৰ আক্ষেপৰ কথাবোৰ নাচনীয়ে সুন্দৰভাৱে বুজাই দিছে-

‘তোমালৈ চাওঁতে জপনা ডেওঁতে
বিন্ধিলে অঘৈয়া হুলে
তোমাৰ মনে গ’লে মোৰও মন গ’লে
কি কৰিব কলিতা কুলে?’

এদিন অসমত ব্ৰিটিছৰ শাসন চলিছিল। তেতিয়াও কিন্তু বিহু অসমত আছিল। সেই সময়তেই হয়তো কোনো এজন স্বাভীমানী অসমীয়াই থাওকতে গাইছিল এইফাঁকি বিহুনাম-

‘উজাই আহিলে কোম্পানিৰ জাহাজ ঐ
পৃথিৱী টলমল দেখোঁ
চপাই দে চপাই দে কলিকতাৰ জাহাজ ঐ
দেহাৰে বাতৰি সোধোঁ…’

অসমৰ অন্যতম এক পৰিচয় চাহ খেতি। সেই চাহ বাগিছাৰ কথা, ডুখৰীয়া ছবিও বিহুনামত সোমাই আছে।

চাহপাত ছিঙিলো চটাইত মেলিছিলো 
তেঁতেলীপতীয়া হ’ল
শহুৰৰ জীয়েকক আনিবৰেপৰা
খুঁটিৰ ম’হ বিকিয়ে গ’ল…

এসময়ত সমস্যাৰে জৰ্জৰিত হৈ পৰা অসমীয়াই বিহু পাতিবলৈকো চিন্তিত হ’ব লগা হৈছিল। তেতিয়াই কোনো এগৰাকীয়ে গাইছিল

‘ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত
গাঁৱৰ ডেকা ল’ৰাই জুমে পাতি ফুৰা নাই
গোন্ধ তেলৰো সুগন্ধি নাই…’

এইসমূহৰ ওপৰিও আপুৰুগীয়া কেইটিমান বিহুগীত হৈছে

ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।

তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ  
তোমাক নাপালোহি ঘৰত।

হুচৰিৰ মাজতেই কোনো পাহুৱাল বিহুৱা ডেকাই প্ৰেমৰ ইংগিত দি গাইছিল-

চকলা টেঙাটি অকলে নাখাবি
ঐ আমাকো এচকল দিবা,
বিহু মাৰিবলৈ অকলে নাযাবি
ঐ আমাকো লগতে নিবি…

বিহুৰ সৈতে বিহুনামৰ এৰাব নোৱাৰা এই সম্পৰ্ক। যি সম্পৰ্কৰ বান্ধোন চিঙিলে বিহুয়েও হয়তো স্বকীয়তা হেৰুৱাব। বিহুক বিহু কৰি ৰখা এইসমূহ বিহুনাম আকৌ এবাৰ অসমীয়াই চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি বহু বিহু বিশেষজ্ঞই দাবী কৰি থকাও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!
জীৱনশৈলী

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

March 31, 2026
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!
জীৱনশৈলী

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

March 31, 2026
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
Next Post
নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব'হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

আপুনি যদি কৃষ্ণভক্ত, আপুনি যদি ৰামভক্ত তেন্তে নামাজী গগৈক কেনেকৈ সহ্য কৰিছেঃ মুখ্য়মন্ত্ৰী

আপুনি যদি কৃষ্ণভক্ত, আপুনি যদি ৰামভক্ত তেন্তে নামাজী গগৈক কেনেকৈ সহ্য কৰিছেঃ মুখ্য়মন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.