• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

3 years ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

16 minutes ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

47 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

2 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

13 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

14 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

14 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

15 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

16 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

17 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

18 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

18 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

editor by editor
March 31, 2023
in অসম, লেখা
0
ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিহু পালেহিয়েই৷ ঢোলৰ গুমগুমনি ৰিণি ৰিণি ভাহিছে৷ নামঘৰৰ পদুলিতে মিটিং এখন বহিছে৷ এইবাৰ বিহুভাগ কেনেকৈ আগুৱাই নিয়া যায়৷ প্ৰত্যেকেই দিছে একোটাকৈ মত৷ নাই কথা নিমিলে৷ হুচৰিক লৈয়ে বহিছে একোখন মেল৷ এইবাৰ খেলৰ বাহিৰত গৈ কাৰো চোতালত হুচৰি গাব নোৱাৰিবি ইত্যাদি ইত্যাদি৷

মুঠতে গাঁওসমূহত এতিয়া ব্যস্ততাৰ অন্ত নাই৷ এইবাৰ আকৌ ন’কৈ বিহুৰ সৈতে সংযোজিত হৈছে আন এক বিষয়৷ সৰুসজাইৰ বিহু৷ গাঁৱৰ হুচৰিৰ মাজতেই চলিছে সৰুসজাইলৈ যোৱাৰো প্ৰস্তুতি৷ এই আয়োজনবোৰতেই আছে ন’ উদ্যম, প্ৰকৃতিয়েই কেৱল ন’ সাজ নিপিন্ধে, নাঙলৰ মুঠিত ধৰি সাজু হয় প্ৰতিজন চহা অসমীয়া৷ বছৰটোৰ বাবে খেতিডৰা ভালকৈ কৰিব লাগিব। পদুলিত হেঁপাহৰ বসন্ত৷ বসন্ত জাগি থাকে অসমীয়াৰ প্ৰাণত, বসন্ত জীপাল হয় কবি, সাহিত্যিকৰ কলমত৷ কবিৰ ভাষাৰে, ‘ফুল ফুলক বা নুফুলক এয়া যে বসন্ত৷’

বসন্ত মানেই মন আন্দোলিত হোৱা সুন্দৰতাৰ আহ্বান৷ ফাগুনত লঠঙা ডাল, চৌদিশে উদাস, উৰুঙা বতৰত প্ৰকৃতিতো যেন আহে স্তব্ধতা৷ বসন্তই সেই স্তব্ধতা ভাঙে৷ প্ৰকৃতি চঞ্চলা হৈ উঠে৷ ন’ বৰষুণে আভূষণ পিন্ধোৱা ডালে ডালে নামি আহে বসন্ত৷ বসন্ত মানেইতো পূৰ্ণতা৷ বসন্ত মানেই নতুন প্ৰাণৰ কলৰৱ৷ বসন্তত কেৱল প্ৰকৃতিয়ে নিজেই ন’ আভূষণ পিন্ধে তেনে নহয়৷ সাঁজু হয় অসমবাসীও৷ বসন্ত মানেইতো বহাগ৷ অসমীয়াৰ হেঁপাহৰ বহাগ৷ এনে সময়তে প্ৰকৃতিয়েও ৰমক জমককৈ ন-সাজেৰে গাভৰুজনী হৈ দেখা দিয়ে। ৰঙালী বিহুক সাত বিহু বুলিও কোৱা হয়। চ’তৰ সংক্ৰান্ত্ৰিৰ দিনৰপৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ মুঠ সাতদিন ধৰি এই বিহু উদযাপন কৰে অসমীয়াই।

সাতবিহুৰ আৰম্ভনি হয় গৰু বিহুৰে৷ তাৰপিছতেই মানুহ বিহু, গোঁসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। সাত বিহুৰ নাম মনত ৰাখিলেই জানো বিহু ন প্ৰজন্মৰ মাজত জী থাকিব? বিহুক জীয়াই ৰাখিবলৈ হ’লে, প্ৰতিজন অসমীয়াই গাৱলীয়া সমাজখনৰ শিপাডালক বিচাৰিব লাগিব। ঢেকী, ঢোল আৰু কুলিৰ মাতত ৰঙীন হয় প্ৰকৃতি সেয়া নতুন প্ৰজন্মই চিনি পাব লাগিব৷ ৰহিৰ বাটিতেই মজি নাথাকি নাঙলৰ মুঠি খামুছি ধৰি অসমীয়াই ক’ব লাগিব কৃষি অবিহনে সংস্কৃতি অৰ্থহীন৷

পথাৰখন এৰি, গোহালিৰ গৰু কেইটাক বাদ দি বহাগ বিহু সদায়ে আধৰুৱা। জেঠ মাহলৈকে বহাগী উৎসৱ, আদৰণি, বিদায় এইবোৰ পাতি থকা মানেই বহাগ বিহু নহয়৷ এইবাৰ বিহু নাচেৰে সৰুসজাই ষ্টেডিয়ামত বিশ্ব ৰেকৰ্ড গঢ়াৰ দিশেৰে আগবাঢ়িছে ৰাজ্য চৰকাৰে৷ প্ৰায় ১৪ হাজাৰ বিহুৱতীৰ নাচোনত ৰজনজনাই উঠিব সৰুসজাই খেলপথাৰ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত একেলগে ১৪ হাজাৰ নাচনী ঢুলীয়াই গঢ়িব বিশ্ব ৰেকৰ্ড৷ কিন্তু ৰঙালী জানো কেৱল ষ্টেডিয়ামতেই সীমাবদ্ধ৷ ৰঙালীৰ প্ৰকৃত মাদকতা আছে চহা গাঁৱত৷ হাজাৰটা পৰিৱৰ্তন নাহক কিয়? ধৰালৈ ৰঙীন হৈ নামিব ঋতুৰাজ বসন্ত, আহিব ব’হাগ।

উৰুকা নিশা আকৌ ব্যস্ত হ’ব গাঁৱৰ প্ৰতিজন পাহোৱাল ডেকাৰ লগতে প্ৰতিগৰাকী জীয়াৰী-বোৱাৰী। ঢেকীৰ চাপত কঁপি উঠিব চুবুৰী। গৰুৰ চালত ঢুলীয়া ডেকাৰ যাদুকৰী চাপৰত নাচনীয়ে ভাঙি যাব যতৰ৷ গৰু বিহুৰ দিনা পুৱাতে উঠি গাঁৱৰ খেতিয়কজনে চাকৰ লাও-বেঙেনা মাৰি খেতিৰ গৰুকেইটাৰ মংগল কামনা কৰিব, সন্ধিয়া পদূলিত জাক দি বছৰটোলৈ গোধন কেইটা সুস্থ হৈ থাকক তাৰেই কামনা কৰি বিহুৱা ডেকাই হেঁপাহেৰে জুৰিব, ‘ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলো, জিৰালো কলিয়াবৰত৷ তোমাকে বিচাৰি ঘৰে-বাৰী এৰিলো, তোমাকে নেপালোহী ঐ ঘৰত…৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

July 13, 2026
Next Post
IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ…

পেৰাছিটামলৰ পৰা গৰ্ভনিৰোধক বড়ি! আজিৰে পৰা দাম বাঢ়িব এইকেইবিধ ঔষধৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.