অসম লাইভ২৪ঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত ছিক্স কোবালে অৰিজিৎ সিঙকে ধৰি দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰীয়েহে৷ অৰিজিৎ সিঙৰ গীত, তামান্না ভাটিয়া আৰু ৰশ্মিকা মন্দনাৰ নৃত্যত নাচি উঠিল আইপিএল চাবলৈ অহা প্ৰতিগৰাকী দৰ্শক৷ আহমেদামাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত এক লাখ ক্ৰিকেটপ্ৰেমীৰ উপস্থিত তিনি শিল্পীয়ে উদ্বোধন কৰিলে আইপিএলৰ সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠানত উপস্থিত আছে বিচিচিআইৰ বহুকেইজন কাৰ্যকৰ্তাও৷
গুজৰাটী গানেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অৰিজিৎ সিঙে৷ তাৰপাছতেই ‘ৰাজি’ চিনেমাৰ গীত অৰিজিতৰ মুখত৷ তাৰপাছতেই লেথাৰিকৈ, চান্না মেৰেয়া, কবীৰা, পাঠানৰ জনপ্ৰিয় গীত পৰিবেশনেৰে দৰ্শকক আমোদ দিয়ে অৰিজিতে৷ উদ্বোধনী অনুষ্ঠান পৰিচালনাৰ দায়িত্বত আছিল মন্দিৰা বেদী৷ দীৰ্ঘ বিৰতিৰ অন্তত মন্দিৰাকো দেখা গ’ল ঘোষিকাৰ ৰূপত৷ অৰিজিতৰ পাছতেই তামান্নাৰ নৃত্য৷ কেইবাটাও গীতত নৃত্য কৰি দৰ্শকক আমোদ দিয়ে তামান্নাই৷
শেষলৈ ৰশ্মিকা মঞ্চত উঠাৰ লগে লগেই চৌদিশে দৰ্শকৰ বিপুল সঁহাৰি৷ দক্ষিণৰ চিনেমাৰ গীততেই নৃত্য কৰি পাছলৈ আলিয়া ভাট্ট অভিনীত গাঙ্গুবাঈ চিনেমাৰ জনপ্ৰিয় গীততো নৃত্য কৰে ৰশ্মিকাই৷ উদ্বোধনী অনুষ্ঠানত দক্ষিণৰ শিল্পী উপস্থিত থকাৰ বিপৰীতে এজনো বলীউড শিল্পীক দেখা নগ’ল উদ্বোধনী অনুষ্ঠানত৷ ৪৫ মিনিটৰ এই অনুষ্ঠানত বিচিচিআইৰ সচিব জয় শ্বাহো পত্নীসহিতে উপস্থিত থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ