অসম লাইভ২৪ঃ বলীউড অভিনেত্ৰী বিপাশা বসু আৰু আৰু কৰণ সিং গ্ৰভাৰৰ মাজলৈ আহিল কন্যা সন্তান৷ বলীউডত আকৌ এটা সুখবৰ৷ শনিবাৰে কন্যা সন্তান জন্ম দিছে বিপাশাই৷ কৰণ সিং গ্ৰভাৰৰ সৈতে বিয়া হোৱাৰ ৬ বছৰৰ পিছত মাতৃ হ’ল বিপাশা৷ ২০১৬ চনত বিবাহপাশত আবদ্ধ হৈছিল বিপাশা-কৰণ৷ বিপাশা-কৰণে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাৰে পৰাই সামাজিক মাধ্যমত বিপাশাৰ সন্তান সম্ভৱা হৈ থকা সময়ৰ বহু ফটো শ্বেয়াৰো কৰিছিল৷
বিপাশা বসুৱে বিগত আগষ্ট মাহত প্ৰথমে প্ৰেগনেন্সিৰ কথা ঘোষণা কৰিছিল৷ বিপাশাই সন্তান জন্মৰ পূৰ্বে বম্বে টাইমছৰ আগত দিয়া এক সাক্ষাৎকাৰত কন্যা সন্তানৰ মাতৃ হ’বলৈ মন আছে বুলি প্ৰকাশো কৰিছিল৷ বিপাশাই কৈছিল, ‘কৰণে এজনী কন্যা সন্তানেই বিচাৰে৷ তেওঁৰ ঘৰত এজনী পৰী অহাটো মনে-প্ৰাণে বিচাৰে কৰণে৷ যেতিয়াই সন্তান জন্ম দিয়াৰ প্ৰসংগ উত্থাপিত হয় কৰণ মোতকৈয়ো বেছি উত্তেজিত হৈ উঠে৷ আমি সন্তানৰ কথা ভৱাৰে পৰাই কৰণে কেৱল কন্যা সন্তানৰেই কথা কৈ আহিছে৷’
উল্লেখ্য যে কৰণ-বিপাশাই বিচৰাধৰণে তেওঁলোকৰ মাজলৈ শনিবাৰে আহে এটি কন্যা সন্তান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ