• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

2 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

7 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

7 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

8 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

8 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

9 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

11 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

12 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

12 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

13 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

14 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

editor by editor
April 26, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিগত ৬ বছৰত গুগল আৰু ইউটিউবত প্ৰদান কৰা বিজ্ঞাপনৰ নামত খৰছ কৰা ধনেৰে নজিৰ গঢ়িছে ভাৰতীয় জনতা পাৰ্টিয়ে। বিগত ৬ বছৰত ১০০ কোটিৰো অধিক টকা কেৱল গুগল, ইউটিউবৰ বিজ্ঞাপনৰ নামতে ব্যয় কৰি ভাৰতীয় ৰাজনৈতিক ইতিহাসত বিজ্ঞাপনৰ নামত ইমান ধন খৰছ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে বিজেপি।

উল্লেখ্য যে, ২০১৮ চনৰ মে’ মাহৰ পৰা গুগলে বিজ্ঞাপনৰ ‘স্বচ্ছতা প্ৰতিবেদন’ প্ৰকাশ কৰি আহিছে। এই প্ৰতিবেদন অনুসৰি গুগলত ২০১৮ চনৰ মে’ মাহৰ পৰা ২০২৪ৰ ২৫ এপ্ৰিললৈকে কংগ্ৰেছ, ডি এম কে, ৰাজনৈতিক পৰামৰ্শদাতা সংস্থা ইণ্ডিয়ান পলিটিকেল একচন কমিটি (আই-পিএচি)য়ে সৰ্বমুঠ ব্যয় কৰা ধনতকৈও অধিক ধন অকলেই ব্যয় কৰিছে বিজেপিয়ে।

বাতৰি অনুসৰি, বিগত ছয়বছৰত গুগলৰ ৰাজনৈতিক বিজ্ঞাপনৰ নামত ব্যয় হোৱা সৰ্বমুঠ ধনৰ পৰিমাম হৈছে ৩৯০ কোটি টকা। আনহাতে ইয়াৰে ২৬ শতাংশ অৰ্থাৎ ১০১ কোটি টকা ব্যয় কৰিছে কেৱল বিজেপিয়ে। মন কৰিবলগীয়া যে, গুগলৰ ক্ষেত্ৰত ‘ৰাজনৈতিক’ বিজ্ঞাপনৰ অৰ্থ কেৱল ৰাজনৈতিক দলৰ বিজ্ঞাপন নহয়। ৰাজনৈতিক বিজ্ঞাপনৰ তালিকাত সংবাদ মাধ্যম, চৰকাৰী প্ৰচাৰ বিভাগ, ৰাজনীতিবিদ আৰু অভিনেতাসকলৰ বিজ্ঞাপনও সন্নিবিষ্ট।

গুগলৰ পৰিসংখ্যা অনুসৰি ছবছৰত ২ লাখ ১৭ হাজাৰ ৯৯২টা ‘ৰাজনৈতিক বিজ্ঞাপন’ দিয়া হৈছে। তাৰ ভিতৰত ১ লাখ ৬১ হাজাৰ বিজ্ঞাপন বিজেপিৰ। ইয়াৰ ভিতৰত দলটোৰ সৰ্বাধিক বিজ্ঞাপন আছিল কৰ্ণাটকৰ বাসিন্দাক লক্ষ্য কৰি। কৰ্ণাটকৰ বাসিন্দাসকলৰ বাবে গুগলত ১ কোটি ৮ লাখ টকাৰ বিজ্ঞাপন প্ৰকাশ পাইছিল। ইয়াৰ পিছতে আছে উত্তৰ প্ৰদেশ। ১০ কোটি ৩০ লাখ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল তাত থকা বাসিন্দা সকলৰ বাবে।

ইয়াৰ পিছতে ৰাজস্থানৰ বাবে ৮.৫ কোটি টকা আৰু দিল্লীৰ বাবে ৭.৬ কোটি টকা ব্যয় কৰা হৈছিল। দৰাচলতে গুগলত সৰ্বাধিক ৰাজনৈতিক বিজ্ঞাপন তামিলনাডুত আছে। ইয়াৰ পিছতে আছে তেলেংগানা, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মধ্যপ্ৰদেশ। গুগলত ‘ৰাজনৈতিক’ বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত বিজেপিৰ পিছতে দ্বিতীয় স্থানত আছে কংগ্ৰেছ। ছবছৰত ৪৫ কোটি টকাৰ বিজ্ঞাপন দিছে দেশৰ প্ৰধান বিৰোধী দলটোৱে। এই সময়ছোৱাত কংগ্ৰেছে মুঠ ৫,৯৯২টা বিজ্ঞাপন দিছে। তেওঁলোকৰ লক্ষ্য আছিল মূলতঃ কৰ্ণাটক আৰু তেলেংগানা।

ৰাজ্য দুখনৰ বাসিন্দাৰ বাবে কংগ্ৰেছে ব্যয় কৰিছে ৯.৬ কোটি টকা। মধ্যপ্ৰদেশৰ বাবে ব্যয় কৰা হৈছে ৬.৩ কোটি টকা। ইফালে গুগলত ‘ৰাজনৈতিক বিজ্ঞাপন’ৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ডি এম কে। ২০১৮ চনৰ মে’ মাহৰ পৰা ডি এম কেয়ে গুগলত বিজ্ঞাপন দি ৪২ কোটি টকা খৰচ কৰিছে। তাৰ ভিতৰত ১৬.৬ কোটি টকা তেওঁলোকৰ ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠানে বিজ্ঞাপন দিছে। তামিলনাডুৰ বাহিৰত এম কে ষ্টেলিনৰ দলে কৰ্ণটকত ১৪ কোটি আৰু কেৰালাত ১৩ কোটি টকাৰ বিজ্ঞাপন দিছে।

২০১৩ চনৰ নৱেম্বৰ মাহত তেলেংগানা বিধানসভা নিৰ্বাচনৰ সময়ত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে ১২ কোটি টকা ব্যয় কৰিছিল। পশ্চিম বংগৰ তৃণমূলৰ বাবে গুগলৰ বিজ্ঞাপনত ৪.৮ কোটি টকা স্থান দিছে আইপিএচিয়ে। লক্ষণীয় যে, দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক দলসমূহে গুগলৰ বিজ্ঞাপনৰ নামত ব্যয় কৰা ধনৰ পৰিমাণো আশ্চৰ্যজনক৷ এই ক্ষেত্ৰত বিজেপিক চেৰ পেলাই শীৰ্ষত আছে কংগ্ৰেছ। যোৱা ১৮ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈকে কংগ্ৰেছে গুগলৰ বিজ্ঞাপনৰ নামত খৰছ কৰিছে ৫.৭ কোটি টকা, আনহাতে এই সময়ছোৱাত বিজেপিয়ে দিছে ৫.৩ কোটি টকা বিজ্ঞাপন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক
জীৱনশৈলী

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

May 24, 2026
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

May 24, 2026
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!
ক্ৰীড়া

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

May 24, 2026
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন
বিশ্ব

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

May 24, 2026
Next Post
মেষ ৰাশিত সূৰ্য-শুক্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, ৰাজসুখ ৫ৰাশিৰ কপালত

মেষ ৰাশিত সূৰ্য-শুক্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, ৰাজসুখ ৫ৰাশিৰ কপালত

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী!

চলি আছে ৰাজযোগ, প্রধানমন্ত্ৰীৰ আসনত আকৌ বহিব মোদী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.