অসম লাইভ ২৪ঃ ভংগ হ’ব নেকি BJP-JDUৰ মিত্ৰতা? RJD-কংগ্ৰেছক লৈ চৰকাৰ গঠন কৰিব নেকি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে? তাকে লৈ এতিয়া চৰ্চা অব্যাহত৷ কিয়নো বিগত কিছুদিন ধৰি বিজেপিৰ পৰা দূৰত্ব অৱস্থান কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই দূৰত্বই বিজেপিৰ সৈতে মিত্ৰতা অন্ত পৰাৰ ইংগিত বুলি চৰ্চা ৰাজনৈতিক মহলত৷
বিজেপিৰ পৰা কেনেদৰে দূৰত্বত অৱস্থান কৰিছে মুখ্যমন্ত্ৰী নীতিশে—
- ১৭ জুলাইত তিৰংগা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত দেশৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে অনুষ্ঠিত হৈছি৷ কিন্তু বৈঠকত উপস্থিত নাছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ৷
- ২২ জুলাইত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিদায় অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্যমন্ত্ৰী নীতিশক৷ তাতো উপস্থিত নহ’ল মুখ্যমন্ত্ৰীগৰাকী৷
- ২৫ জুলাইত নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ শপতগ্ৰহণ অনুষ্ঠানলৈও নীতিশ কুমাৰক আমন্ত্ৰণ জনোৱা হৈছিল যদিও উপস্থিত নাথাকিল মুখ্যমন্ত্ৰী নীতিশ৷
- ৭ আগষ্টত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নিটি আয়োগৰ বৈঠকত মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আহ্বান কৰা হৈছিল। তাতো উপস্থিত নাথাকিল মুখ্যমন্ত্ৰীগৰাকী৷
- সূত্ৰ অনুসৰি ৭ আগষ্টত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ সৈতে ফোনযোগে বাৰ্তালাপ নীতিশ কুমাৰৰ৷
- ৯ আগষ্টত আৰজেডিয়ে দলৰ সকলো বিধায়কক লৈ এক বৈঠকত মিলিত হ’ব৷
- আজি সন্ধিয়াৰ ভিতৰত বিহাৰ কংগ্ৰেছৰ সকলো বিধায়কক পাটনাত উপস্থিত হ’বলৈ নিৰ্দেশ দলটোৰ৷
- ১১ আগষ্টত জেডিইউৰ সকলো সাংসদ আৰু বিধায়কক পাটনালৈ তলব মুখ্যমন্ত্ৰী নীতিশৰ৷
BJP-JDUৰ মাজত দূৰত্ব বৃদ্ধি পোৱা কাৰণৰসমূহত ভিতৰত অন্যতম কাৰণ হ’ল—
প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা JDUৰ প্রাক্তন ৰাষ্ট্রীয় সভাপতি আৰ চি পি সিঙে কেনেদৰে অবাধ সম্পত্তি আহৰণ কৰিছিল, সেই সন্দর্ভত দলটোৱে স্পষ্টীকৰণ বিচৰাৰ পাছতে আৰ চি পিয়ে দলৰ প্রাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল৷ বিহাৰৰ ৰাজনৈতিক মহলত চৰ্চিত যে বিজেপি নেতাৰ সৈতে আৰ চি পি সিঙৰ অতি ভাল সম্পৰ্ক আছে৷ নেতাজনে বিজেপিৰ মানুহ হিচাপে কাম কৰাৰো অভিযোগ আছে। আৰু এই সুসম্পৰ্কৰ কাৰণেই বিগত বৰ্ষত নীতিশ কুমাৰৰ সন্মতি অবিহনে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছিল আৰ চি পি সিঙে৷ কিন্তু নীতিশ কুমাৰে তৃতীয়বাৰৰ বাবে আৰ চি পি সিঙক ৰাজ্যসভালৈ নপঠিয়ালে৷ যাৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিবলগীয়া হয় আৰ চি পি সিঙে৷ আৰু তাৰ পিছৰে পৰা মুখ্যমন্ত্ৰী নীতিশ আৰু আৰ চি পি সিঙৰ মাজৰ দূৰত্ব বৃদ্ধি পায়৷ কিয়নো মুখ্যমন্ত্ৰী নীতিশে অনুভৱ কৰিছিল যে বিজেপিয়ে আৰ চি পি সিঙৰ জৰিয়তে JDUক দুৰ্বল কৰিব বিচাৰিছে৷ আৰু এনেকৈয়ে বিজেপিৰ সৈতে দূৰত্ব বৃদ্ধি পায় বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ৷
অৱশ্যে বিহাৰৰ ৰাজনীতিয়ে কি গতি লয়, সেয়া আগন্তু সময়তহে স্পষ্ট হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ