বিজেপি কাৰ্যালয়ৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ৷
ভাঙি গুৰি কৰি দিয়া হ’ল বিজেপিৰ অত্যাধুনিক কাৰ্যালয়৷
অবৈধভাৱে মাটি বেদখল কৰি এই কাৰ্যালয় নিৰ্মাণৰ অভিযোগ মমতাৰ৷
বুলড’জাৰ চলোৱাৰ পাছতেই বিজেপি কৰ্মী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি৷
মমতাৰ অভিযোগমতে গৰাগাছাৰ পৰ্ট ট্ৰাষ্টৰ মাটিত অবৈধভাৱে বেদখল কৰি নিৰ্মাণ কৰিছিল এই কাৰ্যালয়৷
পোৰ্ট ট্ৰাষ্ট আৰু আৰক্ষীৰ সহযোগত এই স্থানত উচ্ছেদ চলাই মমতা চৰকাৰে৷
ইতিমধ্যে বিজেপি কাৰ্যালয় ভঙাক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰত পৰিণত হৈছে গৰাগাছা এলেকা৷
বিজেপি কৰ্মীৰ সৈতে আৰক্ষীৰো সংঘাত হোৱা বুলি প্ৰকাশ কৰিছে পশ্চিমবংগৰ স্থানীয় বাতৰি কাকতে৷
পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ৰ অস্থায়ী পাৰ্টী কাৰ্যালয়তো চলিল বুলড’জাৰ৷
ফুটপাথৰ ওপৰত নিৰ্মাণ কৰা হৈছিল সেই কাৰ্যালয়৷
প্ৰশাসনে এই উচ্ছেদ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ থকাৰ কথা ব্যক্ত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ