জানেনে ক’লা আলুৰ বিষয়ে, বহু উপকাৰী এই ক’লা আলুৰ খেতি কৰি হৈ পৰক কোটিপতি
আলু এবিধ এনে পাচলি, যি অন্য সকলো পাচলিৰ সৈতে ৰান্ধি খাব পাৰি। ইয়াক অকলেও ৰান্ধি খাব পাৰি। আলু খাই বেয়া পোৱা মানুহ হয়তো নোলাব। কেৱল পাচলি হিচাপেই নহয়, ইয়াক মুখৰোচক হিচাপেও বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। আলুৰ চিপছ সবাতোকৈ জনপ্ৰিয় এই ক্ষেত্ৰত।
তেনে ক্ষেত্ৰত আলুৰ খেতি কৰা কিমান লাভদায়ক ইয়াৰ জনপ্ৰিয়তাৰ পৰাই জানিব পাৰি। যাৰ বাবে আলু খেতি কৰা কোনো লোকেই কোনোদিনে লোকচানৰ সন্মুখিন নহয়। কিন্তু এইবাৰ আহিছে এবিধ অন্য ধৰণৰ আলু। যি আলু স্বাস্থ্যৰ বাবে যিমানে উপকাৰী ইয়াৰ লাভ সিমানেই অধিক।
কোটিৰ ঘৰত উপাৰ্জন কৰিব পাৰিব এই বিশেষ আলুৰ খেতি কৰি। ইয়াৰ এক কেজিৰ মূল্যই ১০০ৰ পৰা ২০০ টকা। যি মূল্যত অন্য আলু কোনো সময়ত ৫ কেজি পৰ্যন্ত পোৱা যায়।
https://www.instagram.com/reel/C4AGUJbL-_F/?utm_source=ig_web_copy_link
আলুৰ বিভিন্ন প্ৰকাৰ আছে। কিন্তু ভাৰতত বেছিভাগ মানুহেই কেৱল বগা আৰু ৰঙা আলু খাই ভাল পায়। ইয়াৰ বাহিৰে গুটি আলু বিধো জনপ্ৰিয়।
পাছে এইবাৰ এজন ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এটা অনন্য জাতৰ আলুৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই আলুৰ ৰং ক’লা। যি আলু দেখি মানুহো আচৰিত হৈ পৰিছে।
বৰ্তমান সময়ত ভাৰতত ক’লা আলুৰ খেতি একেবাৰে সীমিত। বেছিভাগ মানুহেই এই ক’লা আলুৰ বিষয়ে অৱগত নহয়। এনে পৰিস্থিতিত খুব কম খেতিয়কে ইয়াৰ খেতি কৰে। কিন্তু ক্ৰমান্বয়ে ইয়াৰ লাভৰ বিষয়ে জানিব পৰাৰে পৰা দেশৰ কিছু কিছু অংশত ইয়াৰ খেতি কৰিবলৈ ধৰিছে খেতিয়কে। বৰ্তমান ভাৰতৰ বজাৰত ক’লা আলু ১০০ টকাৰ পৰা ২০০ টকাত বিক্ৰী হৈ আছে।
স্থানীয় বজাৰত ক’লা আলু নামেৰে জনাজাত এই বিধ আলু। ইয়াক নেগ্ৰা পটেটো বা ছ’লেনাম টিউবেৰ’ছাম বুলিও কোৱা হয়। ইয়াৰ খোলা ক’লা। কাটিলে ভিতৰৰ পৰা বেঙুনীয়া ৰঙৰ হয়। ইয়াৰ ভিতৰত বহু প্ৰকাৰৰ এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰিও ইয়াক খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে পৰিস্থিতিত স্বাস্থ্য সচেতন লোকে লাহে লাহে ক’লা আলু ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















