এখন চিনেমাৰ আচৰিত কাহিনী, প্ৰথম দিনাৰ দৰ্শক মাথো ১০০, দ্বিতীয় দিনাৰ পৰা হাউচফুল, আজিয়ো অক্ষত ৰেকৰ্ড
কিছুমান ছবি বক্স অফিচত ইমানেই হিট হয় যে বছৰ বছৰ ধৰি মনত সাঁচ বহুৱাই ৰাখে সেই ছবিয়ে। এনে ছবিৰ কাহিনী মানুহে সহজে পাহৰি নাযায়। হিন্দী চিনেমাৰ এনে এখন চিনেমা আছে, যি মুক্তিৰ দিনা চাবলৈ মাত্ৰ ১০০ জন লোক আহিছিল, কিন্তু তাৰ পিছতে এক অলৌকিকতা হয় যে ছবিখন চাবলৈ প্ৰত্যেকদিনাই বিৰ কৰে দৰ্শকে। প্ৰতিটো দৰ্শনীয়ে হাউচফুল হ’বলৈ ধৰে।
সেই চিনেমা আজিৰ দিনৰ নহয়, ১৯৭৫ চনতে মুক্তি পোৱা এখন চিনেমা। নাম ‘জয় সন্তোষী মাতা’ । সেই যুগটো এনেকুৱা আছিল যে বেছিভাগ মানুহেই সন্তোষী মাৰ কথা নাজানিছিল আৰু বাণিজ্য বিশেষজ্ঞসকলে কৈছিল যে যিগৰাকী দেৱীৰ বিষয়ে মানুহে নাজানে, সেই ছবি কোনে চাব। কিন্তু চিনেমাখন মুক্তি পোৱাৰ দ্বিতীয় দিনাৰ পৰা হাউচফুল।
ছবিখনৰ প্ৰতি মানুহৰ উন্মাদনা দেখি ইয়াৰ শ্ব’ অধিক সপ্তাহলৈ বৃদ্ধি পায়। সন্তোষী মাক চাবলৈ আহি থিয়েটাৰৰ ভিতৰতো দৰ্শকে জোতা-চেণ্ডেল আদি খুলি লৈছিল। সেই চিনেমাই তাহানীৰ দিনতেই ইমানেই উপাৰ্জন কৰিছিল যে, সেই টকা আজিৰ দিনত কোনো এখন ছবিয়েই উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। মাথো ৩০ লাখ টকাত নিৰ্মাণ হোৱা ছবিখনে উপাৰ্জন কৰিছিল ৫ কোটি টকা। যি আজিৰ হিচাপত বহু বেছি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ