অতিকে শোকাৱহ, ২৭০ যাত্ৰী কঢ়িয়াই নিয়া নাও দুৰ্ঘটনাগ্ৰস্ত, ৮০ জনে হেৰুৱালে প্ৰাণ
কুৱেইটৰ অগ্নিকাণ্ডৰ ঘটনাৰ মাজতে আহিছে আন এক শোকাৱহ ঘটনা। একেলগে প্ৰাণ হেৰুৱালে ৮০ গৰাকী লোকে। ইয়াৰে ২১ টি শিশু বুলি জানিব পৰা গৈছে। কংগোৰ ৰাজধানী কিনছাছাৰ সমীপৰ এখন নদীত সংঘটিত হৈছে এই অতিকে শোকাৱহ ঘটনাটো।
যাত্ৰাৰ সময়ত নাওখনত ২৭০গাৰীক লোক আছিল বুলি জানিব পৰা গৈছে। সাঁতুৰি ১৫০ জনতকৈ অধিক লোকে প্ৰাণ ৰক্ষা কৰে। ৰাষ্ট্ৰপতি ফেলিক্স ছিচেকেডিয়ে এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, প্ৰয়োজনতৈ অধিক যাত্ৰী কঢ়িয়াই নিছি নাওখনে। যাৰ বাবে অত্যাধিক ওজন সহিব নোৱাৰি নদীৰ মাজভাগ পোৱাৰ পাছতে নাওখন ভাঙি যোৱাৰ লগতে ওলটি যায়। কংগোত টকাৰ অভাৱতে মানুহে সুবিধা থকাৰ পাছতো এনে বিপদসংকুল নাওৰে যাত্ৰা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ