‘ব’ল ব’ম’ক লৈ বিশেষ নিৰ্দেশনা।
‘ব’ল ব’ম’ত শান্তি-শৃংখলা অটুত ৰখাৰ বাবে শিৱসাগৰত ১৮৮ আই পি চি আৰু বি এন এছ এছ ধাৰা জাৰি।
ব’ল ব’মৰ ভক্তসকলে ব’ল ব’ম উৎসৱত সৃষ্টি কৰিব নোৱাৰিব কোনো বিশৃংখল পৰিবেশ৷
অসহনীয় উচ্চ প্ৰাৱল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰতো নিষেধাজ্ঞা৷
শিক্ষানুষ্ঠান, চিকিৎসালয়, কৰ্ট আদিৰ কামত বাধাৰ সৃষ্টি কৰিব নোৱাৰিব বল বমৰ ভক্তই৷
অপ্ৰয়োজনীয় চিঞৰ-বাখৰ কৰিলেই কঠোৰ হ’ব প্ৰশাসন৷
শান্তি সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম য়াদৱে জাৰি কৰিছে এই নিৰ্দেশনা৷
সমগ্ৰ শিৱসাগৰ জিলাত বলৱৎ হোৱাকৈ BNSS Section 163 নিষেধাজ্ঞা জাৰি কৰা হৈছে শিৱসাগৰত৷
জিলা প্ৰশাসনৰ পূৰ্ব অনুমতি অবিহনে এই উৎসৱৰ সময়ত জিলাখনত ১০ ডেচিবল বা অধিক উচ্চ প্ৰাবল্যৰ শব্দ যন্ত্ৰ ব্যৱহাৰত নিষিদ্ধ কৰা হৈছে ৷
বল বম চলি থকালৈকে অব্যাহত থাকিব এই নিৰ্দেশনা৷
এই নিৰ্দেশনা উলঙ্ঘা কৰিলেই ১৮৮ নং আই পি চিৰ বিধান আনুসৰি শাস্তিৰ সন্মুখীন হ’ব ভক্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ