অসম লাইভ২৪ঃ শনিবাৰে সন্ধিয়া পশ্চিমবংগত উপস্থিত হৈছে ছলমান খান। ছলমান খানক আদৰি নিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। ইষ্টবেংগল ক্লাবত ছলমানক চাবৰ বাবে ভীৰ কৰিছে পশ্চিমবংগৰ বহু লোকে। ৪ দশকৰো বেছি সময় ধৰি বলীউডত বেছ জনপ্ৰিয় ছলমান। এই ৪ দশকত ছলমানে দেশবাসীক উপহাৰ দিছে এখনৰ পাছত আন এখন জনপ্ৰিয় ছবি। এই দীৰ্ঘ সময়ছোৱাত ছলমানে আয়ো কৰিছে কেইবা শ কোটি ধন। এক সংস্থাই দাবী কৰা মাতে ছলমানৰ বছৰি আয়ৰ পৰিমান বৰ্তমান প্ৰায় ২০০ কোটি টকা। সেই অনুপাতে ছলমানৰ বৰ্তমানলৈ সম্পত্তিৰ পৰিমান প্ৰায় ২ হাজাৰ ৮৫০ কোটি টকা।
ছবি য়ে প্ৰতি ছলমানে পাৰিশ্ৰমিক কিমান লয় সেই কথাও জানিবলৈ বহুজনেই আগ্ৰহী। ১৯৮৮ চনত ছলমানৰ প্রথম ছবি ‘বিবি হৌ তৌ এইছি’ ছবিয়ে মুক্তিলাভ কৰিছিল। এই ছবিত অভিনয় কৰি ছলমানে লাভ কৰিছিল ১১ হাজাৰ টকাৰ পাৰিশ্ৰমিক। বৰ্তমান ছলমানে ছবিয়ে প্ৰতি ১০০ ৰ পৰা ২০০ কোটি পাৰিশ্ৰমিক লয়। অৱশ্যে এই পাৰিশ্ৰমিকৰ মাজত থাকে ছবিৰ পৰা লাভ কৰা মুনাফাৰ লাভাংশও। যদি কেইটামান উদাহৰণ চোৱা যায় তেন্তে এই কথা স্পষ্ট হৈ পৰিব।
শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘কিছি কি ভাই কিছি কা জান’ ছবিৰ বাবে ছলমান খানে পাৰিশ্ৰমিক লৈছে ১২৫ কোটি টকা। ‘টাইগাৰ জিন্দা হে’ ছবিৰ বাবে ছলমানে পাৰিশ্ৰমিক লৈছিল ১৩০ কোটি টকা। টাইগাৰৰ থাৰ্ড চিৰিজো শীঘ্ৰেই মুক্তি পাব। এই থাৰ্ড চিৰিজৰ বাবে ছলমানে পাৰিশ্ৰমিক লৈছে ১০০ কোটি টকা। ইয়াৰোপৰি ছলমানে বহু বিজ্ঞাপনো কৰে। বিভিন্ন পণ্যৰ বিজ্ঞাপনত ছলমানক সততে দেখা যায়। এই বিজ্ঞাপনৰ ক্লিপ নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰো কৰে ছলমানে। নিজা পেজত শ্বেয়াৰ কৰাৰ বিনিময়তো ছলমানে লাভ কৰে ধন। এটা পোষ্টৰ বাবেই ছলমানে প্ৰায় ৫০ লাখৰো অধিক ধন লাভ কৰে। ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰে ১০ ৰ পৰা ১৫ টা ব্ৰেণ্ডৰ প্ৰমোছন কৰে ছলমানে।
এইসমূহৰ ওপৰিও ছলমানৰ আছে নিজস্ব ব্যৱসায়ো। নিজা প্ৰযোজনা সংস্থা, পোছাকৰ ব্ৰেণ্ড, জীমৰ সা সৰঞ্জামৰ নিজা ব্ৰেণ্ডৰ পৰাও বহু ধন আয় কৰে ছলমানে। ছলমানৰ দৰে তাৰকাই সৰু পৰ্দাত সাধাৰণতে কাম নকৰে যদিও ছলমানে বহুদিন ধৰি কালাৰ্ছৰ ৰিয়েলিটি শ্ব, ‘বিগ বছ’ত এংকৰ হিচাপে আছে। সূত্ৰই দাবী কৰামতে ছলমানে এদিনৰ এংকৰিঙৰ বাবে ১২ ৰ পৰা ১৫ কোটি টকা পাৰিশ্ৰমিক হিচাপে লয়। ইয়াৰোপৰি ছলমানে দেশৰ কেইবাটাও জনপ্ৰিয় ষ্টাৰ্ট আপ কোম্পানীত বিনিয়োগো কৰিছে।
ছলমান বলীউডৰ প্ৰথম শাৰীৰ অভিনেতা। সেই হিচাপে ছলমান গাড়ীৰো অভাৱ নাই। ছলমানৰ নিজা কালেকছনত থকা গাড়ীৰ সংখ্যা আৰু দাম শুনিলে বহুতৰেই চকু কঁপালত উঠে। মুম্বাইৰ বান্দ্ৰাৰ গেলেক্সি এপাৰ্টমেণ্টত থাকে ছলমান। সমীক্ষা অনুসৰি এই ঘৰটোৰ দাম প্ৰায় ১১৫ কোটি টকা। মুম্বাইৰ চিম্বাই ৰোডটো আছে ছলমানৰ এখন ঘৰ। সেই ঘৰটোৰ দাম প্ৰায় ৯৪ কোটি টকা। গোৰাই বীচ্চত আছে ছলমানৰ হলিডে হোম। সেই ঘৰটোৰো দাম প্ৰায় ৩৫ কোটি টকা। পানভেলটো আছে ছলমানৰ এটা ফাৰ্ম হাউছ। সেইটোৰ দামো প্ৰায় ১০০ কোটি। মুম্বাইৰ চিম্বাই ৰোডতো আছে ছলমানৰ এটা ঘৰ। সেই ঘৰৰ দাম হৈছে প্ৰায় ১৭ কোটি টকা। ইয়াৰোপৰি মুম্বাই আৰু ডুবাই মিলি ছলমানৰ আছিল ৩টাকৈ ঘৰ।
আনহাতে গাড়ীৰ সংখ্যা যদি চোৱা যায়, ছলমানৰ আছে বিএমডব্লিও, মাৰ্ছিডিছ, ৰেঞ্জ ৰোভাৰ, লেণ্ড ক্ৰুজাৰ আৰু এটা লেক্সাছসহ আন ৬খন বিলাসী বাহন। বাইক বা মটৰচাইকেলৰ প্ৰতিও ছলমানৰ বিশেষ আকৰ্ষণ থকাৰ কথা সকলোৱে জানে। ছলমানৰ হাতত আছে কেইবাখনো ছুপাৰ বাইক। সূত্ৰই প্ৰকাশ কৰা অনুসৰি ছলমানৰ আছে ৪খনকৈ ছুপাৰ বাইক। ছলমানৰ হাতত থকা হায়াবুছা কোম্পানীৰ বাইকখনৰ দাম হৈছে প্ৰায় ১৭ লাখ টকা। অইন দুখনৰ বাইকৰ দাম প্ৰায় ১৬ লাখ টকা। ইহমা কোম্পানীৰ আৰু এখন বাইক আছে ছলমানৰ। সেইখনৰ দামো প্ৰায় ২০ লাখ টকা। এইসমূহৰ ওপৰিও ছলমানৰ আছে এখন বিলাসী জাহাজ। সেইখনৰ দাম প্ৰায় ৩ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ