অসম লাইভ২৪ঃ কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল, ক্ষমতালৈ আহিলেই বজৰং দল আৰু পি এফ আইক কৰ্ণাটকত নিষিদ্ধ কৰা হ’ব৷ শেহতীয়াকৈ কংগ্ৰেছে আশা কৰা ধৰণে ফলাফল লাভ কৰিলে৷ ১৩৬ খন আসনত জয়লাভ কৰিছে কংগ্ৰেছ দলে৷ কংগ্ৰেছে জয়লাভ কৰাৰ পাছতেই সকলোৰে মনত এটাই প্ৰশ্ন কংগ্ৰেছে প্ৰতিশ্ৰুতি দিয়ামতে এই সংগঠন কেইটাক বন্ধ কৰিবনে?
কিন্তু এটা কথা মন কৰিবলগীয়া যে বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক মিলিন্দ পৰান্দে কংগ্ৰেছে জয়লাভ কৰাৰ লগে লগেই কংগ্ৰেছ দলক উদ্দেশ্যি দিছে বিশেষ সাৱধানবাণী৷ সাৱধানবাণীত মিলিন্দ পৰাণে লিখিছে, ‘হিন্দুৰ প্ৰতি বিদ্বেষ থাকি যদি বজৰং দলক নিষিদ্ধ কৰা হয় তেন্তে উপযুক্ত পদক্ষেপ লোৱা হ’ব৷ বজৰং দল নিষিদ্ধ হোৱাৰ কোনো ভয় নাই বুলিও মন্তব্য কৰিছে পৰান্দে৷ বিশ্ব হিন্দু পৰিষদৰ যুৱ সংগঠন বজৰং দল চৰম হিন্দুত্ববাদী সংগঠন হিচাপেই পৰিচিত৷ পূৰ্বেও বজৰং দলৰ বিৰুদ্ধে একাধিতক অভিযোগ আছে৷ সেয়ে পৰান্দে অতীতৰ কথা উল্লেখ কৰি কৈছে, ৰাম জন্মভূমি আন্দোলনতো বজৰং দলক নিষিদ্ধ কৰা হৈছিল৷ কিন্তু আদালতে জনাই দিয়ে যে এই সিদ্ধান্ত ভুল৷
উল্লেখ্য যে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খড়্গে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যে কংগ্ৰেছে জাতি আৰু ধৰ্মৰ ভিত্তিত কোনো সম্প্ৰদায়ৰ মাজতেই ঘৃণা নিবিয়পায়৷ এনে ঘৃণা বিয়পোৱা সংগঠনৰ বিৰুদ্ধেও কংগ্ৰেছ দল কঠোৰ হৈ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ