বিগত দু’বছৰ সম্পৰ্কত থকাৰ পাছতেই বিচ্ছেদ হৈছে তামান্না ভাটিয়া আৰু বিজয় বৰ্মাৰ৷ এই জুঁটিৰ ৰসায়নত মুগ্ধ বহুজনেই৷ ভালেই চলিছিল সকলো৷ বিভিন্ন অনুষ্ঠানত হাতত হাত ধৰি হাজিৰ হৈছিল দুয়োজন৷ তামান্নাক সামৰি ৰাখিছিল বিজয়ে৷ কিন্তু হঠাতেই ছন্দপতন সেই সম্পৰ্কত৷ পথ পৃথক হোৱাৰ নেপথ্যত আছে বিশেষ কাৰণো৷ তামান্নাই দ্ৰুত বিয়া কৰি সংসাৰী হ’বও খুজিছিল৷ কিন্তু এতিয়া বিয়া কৰাবলৈ প্ৰস্তুত নহয় বিজয়৷ সম্প্ৰতি সম্পৰ্কক লৈ এক সাক্ষাৎকাৰত এই কথা কৈছে অভিনেত্ৰী তামান্নাই৷
ভালপোৱা আৰু সম্পৰ্ক দুটা একে বিষয় নহয় বুলি কৈছে তামান্নাই৷ তামান্নাই কৈছে, ‘ভালপোৱা আৰু সম্পৰ্ক, এই দুটি বিষয় মানুহে প্ৰায়েই একাকাৰ কৰি দিয়ে৷ আমি কেৱল নাৰী পুৰুষৰ সম্পৰ্কৰ নিৰিখত এই কথা কোৱা নাই৷ বন্ধুৰ সমীকৰণৰ ক্ষেত্ৰতো একে কথাই আহে৷’ তামান্নাই কৈছে, ‘ভালপোৱাত কোনো চৰ্ত নচলে৷ ভালপোৱা সকলো সময়তেই চৰ্তহীন হয়৷ যি মুহূৰ্তত ভালপোৱাৰ সৈতে চৰ্ত আহে তেতিয়া সেই সম্পৰ্ক আৰু সম্পৰ্ক হৈ নাথাকে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















