যৌনতা কাৰোবাৰ বাবে ভালপোৱাৰ প্ৰকাশ আৰু কাৰোবাৰ বাবে শাৰীৰিক চাহিদা মাত্ৰ৷ কিন্তু জানেনে কেতিয়াবা কেতিয়াবা যৌনতা কাৰোবাৰ বাবে অভিশাপো হৈ উঠিব পাৰে৷ তেনে এক ৰোগেই হৈছে ছেক্সচমনিয়া৷ এই ৰোগত টোপনিৰ মাজতেই উত্তেজিত হৈ উঠে শৰীৰ৷ কোনো কোনো ক্ষেত্ৰত ৰোগীয়ে অচেতন অৱস্থাতেই যৌনতাত লিপ্ত হয়৷ কিন্তু টোপনি ভঙাৰ পাছত এই মিলনৰ কোনো স্মৃতি মনত নাথাকে এই ৰোগত আক্ৰান্ত ৰোগীৰ৷
বিজ্ঞানত ইয়াক পেৰেছমনিয়াৰ এক বিশেষ ৰূপ বুলি কোৱা হয়৷ কিন্তু এই পেৰেছমনিয়া কি? টোপনিৰ মাজত অনিচ্ছাকৃতভাৱে বিভিন্ন ধৰণৰ কাম কৰাকে পেৰেছমনিয়া বুলি কোৱা হয়৷ টোপনিৰ এক বিশেষ পৰ্যায়ক কোৱা হয় নন ৰেপিড আই মুভমেণ্ট বা এন ই আৰএম শ্লিপ৷ বিষয়টো কিন্তু মাজনিশা আধা টোপনিতে সংগীৰ সৈতে সংগমত লিপ্ত হোৱাটো একেবাৰেই পৃথক৷ এই ৰোগত বহু ক্ষেত্ৰত ৰোগীয়ে টোপনিতেই মৃগী ৰোগীৰ দৰে আচৰণ কৰে, যাৰ ফলত ডাঙৰ বিপদো আহিব পাৰে৷
সাধাৰণতে ইলেক্ট্ৰো এনছেফালোগ্ৰাফি বা ই ই জি আৰু পলিছোমনোগ্ৰাফী নামৰ পৰীক্ষাৰ মাধ্যমেৰে এই ৰোগ নিৰ্ণয় কৰা হয়৷ বহু সময়ত এই ৰোগত আক্ৰান্ত ব্যক্তি মানসিক সমস্যাতো ভূগিবলৈ ধৰে৷ সম্প্ৰতি অষ্ট্ৰেলিয়াৰ চিডনিৰ অধিবাসী টিমোথি মেলকম ৰোলেণ্ড নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উঠিছিল৷ কিন্তু পৰীক্ষা কৰি দেখা যায় যে তেওঁ এই বিৰল ৰোগত আক্ৰান্ত৷ আৰু তাৰপৰাই তেওঁ ধৰ্ষণৰ গোচৰৰ পৰা ৰেহাই পায়৷ সমগ্ৰ ঘটনাত মানসিক ভাৱে ভাঙি পৰে টিমোথি৷ এগৰাকী নাৰীৰ প্ৰতি অন্যায় কৰিছে জানিয়েই মানসিক যন্ত্ৰণাত ভূগিছে তেওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ