কথাতেই কোৱা হয় জন্ম মৃত্যু বিয়া বিধাতাৰ লিখন৷ অৰ্থাৎ জন্ম, মৃত্যু আৰু বিয়া আমাৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা৷ পুৰুষ হওক বা মহিলা, জন্ম আৰু মৃত্যু সকলোৰে বাবেই গুৰুত্বপূৰ্ণ ঘটনা৷ কেৱল যুৱতীয়েই নিজৰ বিবাহৰ সপোন দেখে তেনে নহয়৷ পুৰুষেও নিজৰ পত্নীক লৈ সুখী দাম্পত্য জীৱনৰ কল্পনা কৰে৷ কেনে জীৱনসংগী পাব, কঠিন পৰিস্থিতিত কাষত থাকিবনে ইত্যাদি বিষয়ক লৈ পুৰুষেও চিন্তা কৰে৷
প্ৰতিগৰাকী যুৱতীৰ স্বভাৱ আৰু চৰিত্ৰ পৃথক পৃথক৷ কোনো কোনো মহিলাৰ সৈতে বিয়া পতাৰ পাছত স্বামীৰ সৌভাগ্য বৃদ্ধি ঘটে৷ জ্যোতিষশাস্ত্ৰত এনে পাঁচটা ৰাশিৰ উল্লেখ পোৱা যায়৷ এইসমূহ ৰাশিৰ যুৱতীয়ে স্বামীক সকলোতকৈ বেছি ভালপায়৷ পেছাগত জীৱনত উন্নতিৰ শিখৰত উঠিব তেওঁলোকে সাংসৰিক জীৱনত সুখ সাফল্য পাব৷ কাইলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ পূৰ্বে জানি থওক তালিকাত কোন কোন আছে?
বৃষ ৰাশি
স্বামীৰ বাবে অত্যন্ত সৌভাগ্যশালী বৃষ ৰাশিৰ মহিলা৷ বিবাহৰ পাছত তেওঁলোকৰ স্বামীৰ জীৱনত উন্নতি আহে৷ যিকোনো পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিব পাৰে৷ এওঁলোকৰ অৰ্থভাগ্যও খুব ভাল৷ কেৰিয়াৰতো এওঁলোকে উন্নতিৰ শিখৰলৈ যাব পাৰে৷ বৃষ ৰাশিৰ মহিলাৰ ভাল ভাগ্যৰ প্ৰভাৱ বিয়াৰ পাছত তেওঁৰ স্বামীৰ ওপৰত পৰে৷
সিংহ ৰাশি
যিসমূহ মহিলাৰ ৰাশি সিংহ তেওঁলোকে কাকো ভয় নকৰে৷ এওঁলোকৰ মাজত নেতৃত্ব দিয়াৰ সহজাত ক্ষমতা থাকে৷ নিজৰ স্বামী আৰু শহুৰৰ ঘৰৰ সকলোকে খুব ভালকৈ বুজে৷ এই কাৰণতেই এওঁলোক স্বামীৰ অত্যন্ত প্ৰিয় হয়৷ কেতিয়াবা সংকটময় পৰিস্থিতি আহিলেও সাহস নেহেৰুৱাই সিংহ ৰাশিৰ মহিলাই৷ এওঁলোকে যি পেছাতেই যাওক, সেই পেছাত প্ৰচুৰ উন্নতি কৰিব পাৰিব৷
তুলা ৰাশি
জ্যোতিষ মতে যি পুৰুষে তুলা ৰাশিৰ মহিলাক বিয়া কৰাই তেতিয়াই ভাগ্যোদয় হয়৷ কাৰণ অত্যন্ত সৎ আৰু পৰিশ্ৰমী হয় এই ৰাশিৰ জাতক৷ পৰিস্থিতি মোকাবিলা কৰাৰ গুণ এওঁলোকৰ মাজত থাকে৷ কেনেকৈ সম্পৰ্ক চলাই নিব এওঁলোকে জানে৷ সকলো বিষয়ত তুলা ৰাশিৰ মহিলাই ভাৰসাম্য ৰাখিব পাৰে৷ ঘৰ আৰু বাহিৰৰ সৈতে তাল মিলাই চলিব জানে এওঁলোক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ