ৱেইটিং লিষ্টৰ যাত্ৰীয়ে আৰু প্ৰৱেশ কৰিব নোৱাৰিব ৰে’লৱে ষ্টেচনত৷ ৰে’লৰ সামগ্ৰিক উন্নয়ণ আৰু দ্ৰুতগতিৰৰ কৰিবলৈকে এই সিদ্ধান্ত লৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ৷ মহাকুম্ভৰ ঘটনাৰ পাছতেই এই সিদ্ধান্ত লৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ এক উচ্চস্তৰীয় বৈঠকত দেশৰ ব্যস্ততম ৰে’লষ্টেচনসমূহৰ ভিড় নিয়ন্ত্ৰণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে৷
সূত্ৰৰ খবৰ অনুসৰি বৈঠকত ৰে’লমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে দেশৰ ব্যস্ততম ৬০ টা ষ্টেচনত স্থায়ী ৱেইটিং এৰিয়া তৈয়াৰ কৰা হ’ব৷ পাইলট প্ৰকল্প আৰম্ভ হ’ব নিউদিল্লী, আনন্দ বিহাৰ, বাৰাণসী, অযোধ্যা আৰু পাটনা ষ্টেচনত৷ একেলগে বৈধ টিকট অবিহনে প্লেটফৰ্মত প্ৰৱেশত আৰু কাঢ়া হ’ব ৰে’লবিভাগ৷ ইয়াৰোপৰি ৱেইটিং লিষ্টৰ যাত্ৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব ষ্টেচনত৷ ষ্টেচনৰ বাহিৰৰ ৱেইটিং এৰিয়াত থাকিব লাগিব তেওঁলোক৷ ইয়াৰোপৰি প্ৰত্যেক ফুট অভাৰ ব্ৰিজ ১২ মিটাৰ দীঘল আৰু ৬ মিটাৰ বহল হ’ব৷ পুৰণি অভাৰব্ৰীজসমূহো নতুনকৈ তৈয়াৰ কৰাৰ সিদ্ধান্তও লোৱা হৈছে বৈঠকত৷ একেলগে ষ্টেচনৰ আশেপাশে থকা এলেকাত নজৰদাৰী আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ চিচিকেমেৰাও বঢ়োৱা হ’ব৷
ইয়াৰোপৰি ডাঙৰ ষ্টেচনত তৈয়াৰ হ’ব ৱাৰ ৰুমত৷ উন্নত ৱাকি টকি আৰু প্লেটফৰ্ম চত্বৰত নিয়মিত ঘোষণাৰ বাবে আৰু উন্নত ব্যৱস্থা তৈয়াৰ কৰা হৈছে৷ ৰে’লকৰ্মী আৰু ৰে’লৰ অথাৰাইজড কৰ্মীসকলে নতুন আইডি কাৰ্ড আৰু ইউনিফৰ্ম দিয়া হ’ব৷ প্ৰতিটো প্ৰধান ষ্টেচনত এজন ষ্টেচন ডাইৰেক্টৰ থাকিব৷ জৰুৰী সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তৎক্ষণাত সিদ্ধান্ত লোৱাৰ দায়িত্ব তেওঁলোকৰ হাতত থাকিব৷ ইয়াৰ সৈতে সময়োপযোগী পৰিকল্পনা বাস্তবায়নৰ বাবে আৰ্থিক সিদ্ধান্ত লোৱাৰ ক্ষমতাও দিয়া হ’ব বুলি উল্লেখ কৰিছে বিশেষ উচ্চস্থৰীয় কমিটিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ