বিহালী থানাৰ অন্তৰ্গত ননকে চেৰেলিয়াত একেটা পৰিয়ালৰ তিনিজন লোকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰে সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মৃত্যু হোৱা লোককেইজন হৈছে মাঘ বিৰ্জা, লুতৰা বিৰ্জা আৰু প্ৰমিলা বিৰ্জা। লুতৰা বিৰ্জা আৰু প্ৰমিলা বিৰ্জা স্বামী-স্ত্ৰী আছিল। আনহাতে, মাঘ’ বিৰ্জা হৈছে লুতৰা বিৰ্জাৰ জ্যেষ্ঠ ভাতৃ।
জানিব পৰা মতে, বুধবাৰে দুপৰীয়া সুৰাপান কৰাৰ পিছতে তিনিওজন লোক হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ হোৱাৰ কিছু সময়ৰ পিছতে লুতৰা বিৰ্জাৰ মৃত্যু হয়। আন দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। প্ৰমিলা বিৰ্জাক কেথলিক হাস্পতালত আৰু মাঘ’ বিৰ্জাক তেজপুৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু হয়।
স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি, চুলাই মদ সেৱন কৰাৰ ফলতে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। অৱশ্যে তিনিওজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।
ইফালে, তিনিওজনক সুৰা যোগান ধৰা ব্যক্তিজন বৰ্তমান পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে আৰক্ষীয়ে মৃতকৰ ঘৰৰ পৰা সুৰা থকা এটা গেলন জব্দ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।
এই ঘটনাৰ সৈতে জড়িত দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















