ক্ষমা খুজিয়ো ৰেহাই নাপালে অনুৰাগ কাশ্যপে, ন্যায়ালয়ৰ চমন প্ৰেৰণ
বিখ্যাত চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ পুনৰবাৰ বিতৰ্কৰ মাজত। এইবাৰ বিষয়টো ইমানেই গুৰুতৰ হৈ পৰিছে যে চুৰাট আদালতে অনুৰাগ কাশ্যপলৈ প্ৰেৰণ কৰিছে চমন। ৭ মে’ত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ।
ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা কথিত অপমানজনক মন্তব্যৰ বাবেই অনুৰাগ কাশ্যপৰ বিৰুদ্ধে সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছিল। অনুৰাগ কাশ্যপে ছ’চিয়েল মিডিয়াযোগে ক্ষমাও খুজিছিল এই ঘটনা সন্দৰ্ভত। কিন্তু ক্ষমা খুজিয়ো ৰেহাই নাপালে অনুৰাগ কাশ্যপে।
সমগ্ৰ বিতৰ্ক আৰম্ভ হৈছিল যেতিয়া অনুৰাগ কাশ্যপে ইনষ্টাগ্ৰামত এজন ব্যৱহাৰকাৰীৰ মন্তব্যৰ উত্তৰ দিওঁতে এনে এক বক্তব্য দিছিল যিয়ে ব্ৰাহ্মণ সমাজৰ জনসাধাৰণৰ আৱেগক আঘাত দিছিল। তেওঁৰ পোষ্ট ভাইৰেল হোৱাৰ লগে লগে ছচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি হৈছিল। বহু সংগঠনে পৰিচালক তথা অভিনেতাগৰাকীক সমালোচনা কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।
সেই দাবী তথা অভিযোগৰ ভিত্তিতেই চুৰাটৰ ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ আদালতে কাশ্যপক চমন জাৰি কৰি ৭ মে’ত হাজিৰ হ’বলৈ কৈছে। নিৰ্ধাৰিত তাৰিখত হাজিৰ নহ’লে আদালতে তেওঁৰ বিৰুদ্ধে একপক্ষীয় সিদ্ধান্ত দিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ