৪ দিনৰ আৰক্ষী জিম্মালৈ ধিঙৰ বিধায়ক আমিনুল ইছলাম
কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ পাছতে উত্তপ্ত হৈ আছে সমগ্ৰ দেশ। পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কেইবাটাও কঠোক সিদ্ধন্ত। লগতে অপৰাধীকো কোনোপধ্যে এৰি দিয়া নহব বুলি হুংকাৰ।
তাৰোপৰি দেশৰ ভিতৰতো যি সকলে পাকিস্তানক সমৰ্থন কৰি মন্তব্য কৰিছে সেইসকলৰ বিৰুদ্ধেও পদক্ষেপ চৰকাৰৰ। তাৰেই ভিতপত এগৰাকী হৈছে অসমৰ ধিঙৰ বিধায়ক আমিনুল ইছলাম।
আমিনুল ইছলামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ। আজি নগাঁও আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কগৰাকীক। আৰক্ষীয়ে ৭ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছিল আদালতত।
কাশ্মীৰৰ ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল বিধায়ক আমিনুলে। দেশ বিৰোধী মন্তব্য কৰি গ্রেপ্তাৰ হৈছিল আমিনুল ইছলাম। আৰক্ষীয়ে নিজাববীয়া কৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া।
আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত নগাওঁ জিলা ন্যায়িক আদালতত হাজিৰ কৰোৱা হৈছিল বিধায়কজনক। আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত ৩৪৭/২৫, 152/196/197(i)/113(i)/352/353 BNS ধাৰাত গোচৰ ৰুজু কৰিছিল নগাঁও আৰক্ষীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ