পাকিস্তানীৰ আন এক নিৰ্লজ্জ কাণ্ড, ইংলেণ্ডত ভাৰতীয় প্ৰতিবাদকাৰীক…ভাইৰেল ভিডিঅ’
পেহেলগাম ঘটনাক লৈ অশান্ত হৈ পৰিছে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক। দুয়ো দেশৰ মাজত দেখা দিছে যুদ্ধৰ সম্ভাৱনা। পেহেলগামৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতে গৰিহণা দিয়া হৈছে পাকিস্তানক, কিন্তু পাকিস্তানীসকলে ইয়াক একেবাৰেই গুৰুত্ব দিয়া যেন দেখা পোৱা হোৱা নাই।
তাৰেই এক প্ৰমাণ পোৱা হৈছে এইবাৰ ইংলেণ্ডত। ২৫ এপ্ৰিল শুকুৰবাৰে লণ্ডনত বৃহৎ সংখ্যক ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোক সমবেত হৈ পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাতে পাকিস্তানী উচ্চায়ুক্তত নিযুক্তিপ্ৰাপ্ত পাকিস্তানী সেনাবাহিনীৰ এজন বিষয়াই ভাৰতীয়সকলৰ প্ৰতি আপত্তিজনক ইংগিত দিয়ে। যি নিৰ্লজ্জ কাণ্ডৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
ভাৰতীয় প্ৰতিবাদকাৰী সকলক উদ্দেশ্য কৰি পাকিস্তানী বিষয়াজনে ডিঙি কাটি দিয়াৰ ইংগিত দিয়ে। পাকিস্তানী বিষয়াজনৰ এই কাণ্ড লগে লগে ভিডিঅ’ কেমেৰাত বন্দী হৈ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
https://x.com/Amit_Tyagi75/status/1915974774678843842
শুকুৰবাৰে পেহেলগাম আক্ৰমণৰ বিৰুদ্ধে লণ্ডনৰ পাকিস্তান উচ্চায়ুক্তৰ বাহিৰত ৫০০ৰো অধিক ব্ৰিটিছ হিন্দুৱে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে শ্লোগান দি পেহেলগাম ভুক্তভোগীক ন্যায়ৰ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শ্লোগান দি পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বুলি অভিযোগ উত্থাপন কৰে। ইফালে লণ্ডনৰ পাকিস্তান উচ্চায়ুক্তত পদবী থকা পাকিস্তান সেনাৰ কৰ্ণেল টাইমুৰ ৰাহাটে ৰাজহুৱাভাৱে ভাৰতীয় প্ৰতিবাদকাৰীসকলক উচ্চ আয়োগৰ বেলকনিৰ পৰা ডিঙি কাটি দিয়াৰ ইংগিত দিয়ে। পাকিস্তান উচ্চায়ুক্তত সামৰিক আৰু বায়ু উপদেষ্টা হিচাপে কৰ্মৰত কৰ্ণেল ৰাহাটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ