দাওদাওকৈ জ্বলি উঠিল লাহোৰ বিমানবন্দৰ, সকলো বিমান বাতিল
নেদেখাজনেও যেন এইবাৰ ভাৰতৰ পক্ষত। ৰক্ষা নাপায় যেন পাকিস্তানে। তাৰেই ইংগিত দেখা গ’ল পাকিস্তানত। দেশখনৰ অন্যতম বিমানবন্দৰ আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (Allama Iqbal International Airport) , যাক লাহোৰ বিমানবন্দৰ বুলিও জনা যায়, তাতেই সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
পাকিস্তানৰ অন্যতম বিমানবন্দৰত সংঘটিত হোৱা এই বৃহৎ অগ্নিকাণ্ডৰ পাছত এতিয়া হাহাকাৰ পৰিস্থিতি। যাৰ বাবে সকলো বিমান যাত্ৰা বাতিল কৰা হৈছে। অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হৈছে। সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে ৰাণৱে। যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি।
https://x.com/seriousfunnyguy/status/1916006499475705896
খবৰ অনুসৰি শনিবাৰে লাহোৰৰ আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। বিমানবন্দৰত ৰখাই থোৱা পাকিস্তানী সেনাৰ এখন বিমানৰ টায়াৰত হঠাতে জুই জ্বলি উঠে।
ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। অগ্নিনিৰ্বাপক বাহিনীয়ে কোনোমতে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ