১৯৯২ৰ আজমেৰ কাণ্ডৰ পুনৰাবৃত্তি, পৰিচয় সলাই যুৱতীৰে প্ৰেম-সম্পৰ্ক-ভিডিঅ’, পাছত…
মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে ১৯৯২ চনৰ আজমেৰৰ দৰে এক ঘটনা। যি ঘটনাই কঁপাই তুলি সমগ্ৰ মধ্যপ্ৰদেশ। অৱশেষত পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিচয় সলাই হিন্দু যুৱতীৰে প্ৰেম কৰি শেষত সেই প্ৰেমিকাৰ লগতে প্ৰেমিকাৰ বান্ধবীৰ সৈতেও সংঘটিত কৰে জঘন্য কাণ্ড।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভূপালৰ এক ব্যক্তিগত মহাবিদ্যালয়ৰ হিন্দু ছাত্ৰীক লক্ষ্য কৰি লৈছিল এক মুছলিম যুৱকৰ গোটে। প্ৰথমে যুৱতীৰ সৈতে প্ৰেম, তাৰ পাছত সম্পৰ্ক। সেই সম্পৰ্ক স্থাপনৰ সময়ত ভিডিঅ’। পাছলৈ সেই ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভয় ভাবুকিৰে যুৱতীৰ সৈতে অন্য যুৱকৰো জঘন্য কাণ্ড।
ইমানতেই অন্ত পৰা নাই কাণ্ড। ভিডিঅ’ৰ ভয় দেখুৱাই যুৱতীৰ জৰিয়তে অন্য হিন্দু বান্ধৱীৰ সৈতেও জঘন্য কাণ্ড। এক চেইন চিষ্টেমৰ দৰে এই ধৰ্ষণ কাণ্ড সংঘটিত কৰি গৈছিল এদল যুৱকে।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, সেই ভুক্তভোগী যুৱতী কেইগৰাকীৰ ভিতৰত এগৰাকীয়ে কোনোমতে সাহস দেখুৱাই ১৬ এপ্ৰিল তাৰিখে আৰক্ষীৰ কাষ চাপে। তাইক অনুসৰণ কৰি পাছত সেই একেই কলেজৰ অন্য দুই যুৱতীয়ো কাষ চাপে আৰক্ষীৰ।
আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি ফৰাজ খান নামৰ এজন যুৱকে প্ৰথমে হিন্দু যুৱতীক লক্ষ্য কৰি নিজৰ নাম সলনি কৰি প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে। পাছত সেই সম্পৰ্ক শাৰীৰিক সম্পৰ্কলৈ পৰিণত হয়। সেই গোপন সময়ৰে ভিডিঅ’ কৰি ৰাখি পাছলৈ একাধিকবাৰ ভয়-ভাবুকিৰে অন্য যুৱকৰো কাষলৈ লৈ যায় ভুক্তভোগী যুৱতীক।
এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছত আৰক্ষীয়ে তদন্ত চলাই মুখ্য অভিযুক্ত ফৰাজ খান আৰু চাহিল খান নামৰ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সন্দেহ ব্যক্ত কৰা অনুসৰি সেই যুৱক কেইজনে কেৱল ৩ গৰাকীয়ে নহয় বহু কেইগৰাকী যুৱতীক নিজৰ কামনাৰ বলি সজাইছে। পাছে লাজ-ভয়ত আৰক্ষীৰ কাষ চপা নাই অন্য যুৱতী।
দুই অভিযুক্ত ফৰাজ আৰু চাহিলৰ মোবাইলত বহু যুৱতীৰ গোপন ভিডিঅ’ দেখা পাইছে আৰক্ষীয়ে। আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, ১৯৯২ চনত ৰাজস্থানৰ আজমেৰত সংঘটিত হৈছিল এনে এক দেশ কঁপাই যোৱা ঘটনা। য’ত মুছলিম যুৱকে এনেদৰে প্ৰেমৰ জাল পেলাই হিন্দু যুৱতীক ধৰ্ষণ কৰি গৈছিল। সেই ঘটনাত ১০০ৰো অধিক যুৱতী এইদৰে পাকচক্ৰত পৰিছিল। দেশজুৰি তোলপাৰ লগাইছিল সেই ঘটনাই। এইবাৰ ৩৩ বছৰ পাছত ২০২৫ চনত ভূপালত সংঘটিত হৈছে তেনে এক ঘটনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ