ৰেকৰ্ড! ১ লাখ টকা পাৰ কৰিলে সোণৰ মূল্যই, কেৱল ১০ গ্ৰামতেই এতিয়া লাখ টকা
অভিলেখ ৰচিলে সোণৰ মূল্যই। প্ৰথমবাৰৰ বাবে ভাৰতত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১ লাখ টকা অতিক্ৰম। এয়া কেৱল এটা পৰিসংখ্যা নহয় বৰঞ্চ বিনিয়োগকাৰী আৰু সাধাৰণ মানুহৰ বাবে এক ডাঙৰ সংকেত যে নিৰাপদ আশ্ৰয়স্থলৰ সম্পত্তি হিচাপে সোণৰ পৰম্পৰাগত ভূমিকা পুনৰবাৰ আলোচনাৰ কেন্দ্ৰলৈ আহিছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ দুৰ্বলতা আৰু আমেৰিকাকে ধৰি বিশ্ব অৰ্থনীতিৰ অনিশ্চয়তাৰ বাবে বিনিয়োগকাৰীসকল সোণৰ প্ৰতি অধিক প্ৰৱল হৈ পৰিছে। ইউক্ৰেইন-ৰাছিয়া আৰু ইজৰাইল-গাজা সংকটৰ দৰে পৰিঘটনাই এই ধাৰাক আৰু অধিক শক্তিশালী কৰি তুলিছে। সোণৰ মূল্য বৃদ্ধিক বিনিয়োগকাৰীৰ আশংকা আৰু অস্থিৰতাৰ পৰা সুৰক্ষা হিচাপে দেখা গৈছে।
ভাৰতত সোণক সদায় পৰম্পৰাগত সম্পদ হিচাপে গণ্য কৰা হৈছে। উৎসৱ, বিয়া আৰু সাংস্কৃতিক অনুষ্ঠানত ইয়াৰ চাহিদা অধিক বৃদ্ধি পায়, অতীজৰে পৰা ইয়াৰ জনপ্ৰিয়াত আছে, বৰ্তমানেও ইয়াৰ জনপ্ৰিয়তা অব্যাহত আছে।
চলিত এপ্ৰিল মাহত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য সৰ্বাধিক ১ লাখ ১ হাজাৰ ৫২৫ টকা। ২২ এপ্ৰিল তাৰিখে শীৰ্ষত উপনীত হৈছিল এই সংখ্যা। আজি ২৬ তাৰিখে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত- ৯৯,৩১০ টকা।
আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকা। ১ গ্ৰাম ২২ কেৰেটৰ মূল্য ৯১৮০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ