Asha Bhosle Death: বলীউডৰ যশস্বী গায়িকা আশা ভোছলেৰ মৃত্যু। সমগ্ৰ দেশৰ অনুৰাগীৰ মাজলৈ আহিছে এই দুঃখবৰ। যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা শিল্পীগৰাকী মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। মাল্টিপল অৰ্গেন বিকল হোৱাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিজেপি নেতা আশীষ শ্বেলাৰে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।
২০২৫ চনটো বলীউডৰ ছবি জগতৰ বাবে ভাল নাছিল। সেই বছৰতে বহু শিল্পীৰ মৃত্যু হয়। এতিয়া ২০২৬ চনেতো ভাৰতীয় শিল্পী জগতখন যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। আশা ভোছলেই প্ৰায় আঠ দশক চলচ্চিত্ৰ জগতত উৎসৰ্গা কৰি বিশ্বজুৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। খবৰ অনুসৰি, বিয়লি ৪ বজাত দাদৰ শিৱাজী পাৰ্কৰ শ্মশানত তেওঁৰ শেষকৃত্ত সম্পন্ন কৰা হ’ব।
৮২ বছৰত ১২ হাজাৰ গীত গাইছিল
আশা ভোছলে ভগ্নী লতা মংগেশকাৰৰ পদাংক অনুসৰণ কৰি সাংস্কৃতিক জগতত প্ৰৱেশ কৰি যথেষ্ঠ খ্যাতি অৰ্জন কৰে। ১০ বছৰ বয়সত তেওঁ প্ৰথম গীতটো ৰেকৰ্ডিং কৰে, যিটো আছিল মাৰাঠী ভাষাত। তেতিয়াৰ পৰা আৰু কেতিয়াও পিছলৈ উভতি চোৱা নাছিল শিল্পীগৰাকীয়ে। ৮২ বছৰীয়া কেৰিয়াৰত প্ৰায় ১২ হাজাৰ গীত গাইছিল। সাংস্কৃতিক জগতত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণেৰেও সম্ভাষণ জনোৱা হৈছিল আশা ভোছলেক।
সংগীত পৰিচালক অ’ পি নায়াৰৰ সৈতে কেইবাটাও প্ৰকল্পত কাম কৰিছিল। আশা ভোছলেৰ বিখ্যাত গীতসমূহৰ ভিতৰত “মেৰা কুচ সমন”, “পৰ্দে মে ৰেহনে দো”, “দম মাৰো দম”, “পিয়া বাৱৰী”, “ছালোনা সা সাজন হায়”, “জব ছায়ে মেৰা জাদু”।
আশা ভোছলেৰ কথা ক’বলৈ গ’লে তেওঁৰ পেছাদাৰী জীৱন যথেষ্ট সফল আছিল যদিও, ব্যক্তিগত জীৱন উত্থান-পতনেৰে ভৰি পৰিছিল। ১৯৪৯ চনত প্ৰথমবাৰৰ বাবে গণপাত ৰাও ভোছলেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যদিও পিছলৈ দুয়োৰে বিচ্ছেদ ঘটে। ইয়াৰ পিছত গায়িকাগৰাকীয়ে বিখ্যাত সংগীত পৰিচালক আৰ ডি বৰ্মনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ বিয়োগে সংগীত জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















