মুক্তিৰ পূৰ্বে দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত বলিউদৰ ছবি দ্য কাশ্মীৰ ফাইলছ-এ৷ অহা ১১ মাৰ্চত মুক্তি লাভ কৰিবলগীয়া ছবিখনৰ মুক্তি স্থগিতাদেশ বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে৷
ছবিখনৰ মুক্তিয়ে দেশত সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি দাবী কৰি উত্তৰ প্ৰদেশৰ বাসিন্দা ইন্তেজাৰ হুছেইনে বোম্বাই উচ্চ ন্যায়ালয়ত ছবিখনৰ মুক্তিৰ স্থগিতাদেশ বিচাৰি এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল৷
৮ মাৰ্চত মুখ্য বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ বিনয় যোশীয়ে আবেদনখনৰ শুনানি গ্ৰহণ কৰিব৷ মংগলবাৰে বিয়লি ৪ বজাত ছবিখনৰ মুক্তিৰ স্থগিতাদেশ সম্পৰ্কীয় গোচৰটো বোম্বাই উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব৷
লগতে পঢ়ক ৬৭ সংখ্যক জন্মদিনত অভিনেতা অনুপম খেৰে শ্বেয়াৰ কৰিলে নিজৰ অৰ্ধনগ্ন ফ’টো, কিন্তু কিয়?
উত্তৰ প্ৰদেশৰ বাসিন্দা ইন্তেজাৰ হুছেইন চৈয়দে ছবিখনৰ মুক্তিৰ ওপৰত স্থগিতাদেশ বিচাৰি কয় যে ইয়াৰ ট্ৰেইলাৰত মুছলমানসকলে কাশ্মীৰী পণ্ডিতসকলক হত্যা কৰাৰ বিষয়ে দেখুওৱা হৈছে, যাৰ ফলত ছবিখনে মুছলমান সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিব।
তেওঁ লগতে দাবী কৰে যে গোটেই চলচ্চিত্ৰখনে ঘটনাটোৰ একপক্ষীয় দৃষ্টিভংগী দেখুৱাইছে যি হিন্দু সম্প্ৰদায়ৰ লোকক উগ্ৰ কৰি তুলিব পাৰে আৰু সম্ভৱতঃ সমগ্ৰ দেশতে হিংসা আৰু ধ্বংসৰ সৃষ্টি কৰিব পাৰে। ছবিখনে দেশৰ ঐক্য সম্প্ৰীতি বিনষ্ট কৰিব বুলিও কোৱা হৈছে৷
হুইছেৰ মতে চলচ্চিত্ৰখনত কেৱল মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত কৰাই নহয়, লগতে সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টি কৰি ভাৰতৰ সকলো প্ৰান্ততে সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰাৰো পূৰ্ণ সম্ভাৱনাৰ আছে৷ বিশেষকৈ হিন্দু সম্প্ৰদায়ৰ লোকক ইছলাম বিদ্বেষী কৰি তোলা হ’ব বুলিও হুছেইনে দাবী কৰিছে৷
লগতে পঢ়ক ৰাজধানী কীয়েভসহ চাৰি চহৰত যুদ্ধবিৰতি ৰাছিয়াৰ; নাটক আখ্যা ইউক্ৰকেইনৰ
‘‘ট্ৰেইলাৰত দেখা পোৱা সংলাপবোৰ বৰ্ণগত আৰু ধৰ্মীয় মন্তব্য আৰু বৈষম্যমূলক, মানহানিকৰ আৰু ভাৰতৰ সংবিধানৰ নীতিবিৰোধী। এই সংলাপবোৰ ভাৰতৰ সংবিধানৰ ১৫ নং অনুচ্ছেদৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰৰ উলংঘা কৰিছে৷’’ হুছেইনৰ আবেদনখনত এইদৰে উল্লেখ কৰা হৈছে৷
উল্লেখ্য যে মিঠুন চক্ৰৱৰ্তী, অনুপম খেৰৰ লগতে আৰু বহু বলিউদৰ শিল্পীয়ে অভিনয় কৰা ছবিখন যোৱা শতিকাৰ ৯০ দশকৰ কাশ্মীৰীৰ পণ্ডিতৰ ওপৰত চলোৱা অত্যাচাৰ তথা হত্যাকাণ্ডৰ আধাৰত নিৰ্মাতা কৰিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ