• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

3 months ago
ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

2 hours ago
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

2 hours ago
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

2 hours ago
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

3 hours ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 hours ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

4 hours ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

5 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

6 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

7 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

8 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

যুৱকজনে কিয় কৰিলে এই কাম? জানক ইয়াৰ কাৰণ কি?

editor by editor
July 13, 2026
in বিবিধ, বিশ্ব, লেখা
0
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি
0
SHARES
174
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাধাৰণতে পিতৃ-মাতৃয়ে নিজৰ সমগ্ৰ সম্পত্তি সন্তানৰ নামত লিখি থৈ যায়। আনহাতে কোনো যুৱকে কিবা কাৰণত নিজৰ সম্পত্তি অৰ্পণ কৰিবলৈ হলে পিতৃ-মাতৃ অথবা ভগ্নী-ভাতৃ বা পত্নীৰ নামত লিখি থৈ যায়। কিন্তু এই সাধাৰণ ঘটনাৰ বিপৰীতে এজন যুৱকৰ এটা সিদ্ধান্তই সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে। যুৱকজনে নিজৰ বিশাল সম্পত্তি পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যৰ নামত কৰাৰ বিপৰীতে শৈশৱৰ এজন বন্ধুৰ নামত কৰিছ।

এই ঘটনাৰ সবিশেষ

এই ঘটনাৰ স্থান হৈছে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন। চীনৰ চাংহাইৰ এজন যুৱকে নিজৰ প্ৰায় ২০ মিলিয়ন ইউৱান (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৮ কোটি টকা) মূল্যৰ সম্পত্তি পিতৃ-মাতৃৰ সলনি শৈশৱৰ এজন ঘনিষ্ঠ বন্ধুৰ নামত লিখি দিছে। South China Morning Postৰ এক প্ৰতিবেদন অনুসৰি, এই যুৱকজনৰ নাম লি। তেওঁ চাংহাইত বাস কৰে আৰু দুঃসাহসিক অভিযান তথা এক্সট্ৰিম স্প’ৰ্টছৰ প্ৰতি অত্যন্ত আগ্ৰহী। লিয়ে এই সন্দৰ্ভত কয়, “এই ধৰণৰ খেলত জীৱনৰ প্ৰতি বিপদ সদায়েই থাকে। সেয়েহে যদি কেতিয়াবা মোৰ লগত কোনো দুৰ্ভাগ্যজনক ঘটনা ঘটে, তেন্তে মোৰ কষ্টৰে উপাৰ্জিত সম্পত্তি যেন বিশ্বাসযোগ্য লোকৰ হাতলৈ যায়, সেই উদ্দেশ্যেই আগতীয়াকৈ উইল প্ৰস্তুত কৰিলোঁ।” লিৰ সম্পত্তিৰ ভিতৰত আছে এটা বিলাসবহুল এপাৰ্টমেণ্ট আৰু বেংকত জমা থকা উল্লেখযোগ্য পৰিমাণৰ ধন। কিন্তু তেওঁ এই সম্পত্তি পিতৃ-মাতৃৰ পৰিৱৰ্তে শৈশৱৰ বন্ধুৰ নামত হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয়।

পিতৃ-মাতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ কাৰণ

লিৰ এই সিদ্ধান্তৰ পিছত বহুতে প্ৰশ্ন উত্থাপন কৰে—কিয় তেওঁ পিতৃ-মাতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰিলে? কিন্তু ইয়াৰ কাৰণ কোনো ব্যক্তিগত শত্ৰুতা নহয়। কিন্তু বহু বছৰ পূৰ্বেই লিৰ পিতৃ-মাতৃৰ বিৱাহ বিচ্ছেদ হৈছিল আৰু পিছত দুয়োৱে পুনৰ নিজ নিজ জীৱনসংগী নিৰ্বাচন কৰি নতুকৈ বিৱাহপাশত আৱদ্ধ হয়। লিৰ মতে, তেওঁ পিতৃ-মাতৃৰ নতুন জীৱনসংগীক নিজৰ পৰিয়ালৰ সদস্য হিচাপে মানি ল’ব নোৱাৰে। তেওঁ নিবিচাৰে যে তেওঁৰ মৃ*ত্যুৰ পিছত তেওঁৰ সম্পত্তিৰ সুবিধা এনে লোকৰ হাতলৈ যাওক, যিসকলৰ সৈতে তেওঁৰ কোনো আত্মীয়তা বা মানসিক সম্পৰ্ক নাই। সেইবাবে তেওঁ কেৱল শৈশৱৰ সেই বন্ধুকেই বিশ্বাস কৰিছে, যিজনে সদায় সুখ-দুখত তেওঁৰ কাষত থিয় দিছে।

আইনে কি কয়?

চীনৰ উত্তৰাধিকাৰ আইন অনুসৰি, যদি কোনো ব্যক্তি অবিবাহিত হয় আৰু তেওঁৰ কোনো সন্তান নাথাকে, তেন্তে তেওঁৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ থাকে পিতৃ-মাতৃৰ। অৱশ্যে, যদি ব্যক্তিজনে বৈধভাৱে উইল প্ৰস্তুত কৰি থৈ যায়, তেন্তে তেওঁ নিজৰ পৰিয়ালৰ বাহিৰৰ যিকোনো ব্যক্তিৰ নামতো সম্পত্তি লিখি দিব পাৰে। লি ইতিমধ্যে নিজৰ উইল চাংহাই উইল ৰেজিষ্ট্ৰেচন চেণ্টাৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰাইছে। নিয়ম অনুসৰি, তেওঁৰ মৃ*ত্যুৰ পিছত সেই বন্ধুজনে ৬০ দিনৰ ভিতৰত সম্পত্তিৰ দাবী জনাব লাগিব। অন্যথা তেওঁ সেই অধিকাৰ হেৰুৱাব।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24china news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

ভৰি ফুলা আৰু ছালত খজুৱতি, হ’ব পাৰে বৃক্কৰ ৰোগৰ লক্ষণ

October 25, 2026
গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!
ভাৰত

গুটখাৰ পিক পেলাই বিদ্যুৎস্পৃষ্ট ৬০ বছৰীয়া ব্যক্তি, পালে সিপুৰী!

October 25, 2026
PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে
বাণিজ্য

PM Kisan ৰ ২৪ তম কিস্তিৰ ধন কেতিয়া আহিব? দিন ঘোষণা কৰিছে চৰকাৰে

October 25, 2026
নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?
জীৱনশৈলী

নৱেম্বৰ মাহত জন্ম গ্ৰহণ কৰা লোকৰ স্বভাৱ আৰু ভাগ্য কেনেকুৱা হয়?

October 25, 2026
Next Post
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

'মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো'

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.