• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

1 month ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

1 hour ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

2 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

4 hours ago
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

5 hours ago
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

6 hours ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

6 hours ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

7 hours ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

8 hours ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

8 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

9 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

10 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?

স্তন কেঞ্চাৰৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্ভন কৰিব?

editor by editor
June 12, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
মহিলাৰ দৰে পুৰুষৰো হ’ব পাৰে নেকি স্তন কেঞ্চাৰ?
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি বিশ্বৰ বিভিন্ন প্ৰান্তত বহু মহিলা স্তন কেঞ্চাৰৰ সৈতে যুঁজি আছে। কেঞ্চাৰত কিশোৰী কালৰ পৰা আৰম্ভ কৰি বৃদ্ধ মহিলালৈকে সকলোৱে আক্ৰান্ত হ’ব পাৰে। স্তন কেঞ্চাৰ আৰু ইয়াৰ চিকিৎসাক লৈ আজিও মানুহৰ মাজত বহু ভুল ধাৰণা আৰু ভয় বিদ্যমান হৈ আছে। স্তন কেঞ্চাৰৰ প্ৰতিৰোধ আৰু চিকিৎসা সম্ভৱ, কিন্তু ইয়াৰ বাবে সঠিক তথ্য জনাটোও সমানেই গুৰুত্বপূৰ্ণ। একেদৰে লক্ষণসমূহ চিনাক্ত কৰা আৰু প্ৰতিৰোধৰ উপায়সমূহ বুজি পোৱাটোও অতি গুৰুত্বপূৰ্ণ। যদি কোনো মহিলাৰ স্তন কেঞ্চাৰ হয়, তেন্তে ই জৰুৰী নহয় যে স্তন আঁতৰাই পেলাবই লাগিব। এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ মতে স্তন কেঞ্চাৰ হ’লেই স্তন আঁতৰাই পেলাব লাগিব বুলি কোনো কথা নাই। বৰ্তমান অনকোপ্লাষ্টিক ব্ৰেষ্ট কনজাৰ্ভিং ছাৰ্জাৰী নামৰ আধুনিক পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰা হয়। যদি ৰোগীয়ে আৰম্ভণিৰ পৰ্যায়তে চিকিৎসকৰ ওচৰলৈ যায়, তেন্তে চিকিৎসকে কেৱল গাঁঠিটো আঁতৰাই স্তনটো পূৰ্বৰ আকৃতিৰ দৰে ৰখাৰ চেষ্টা কৰে।

পুৰুষৰো স্তন কেঞ্চাৰ হ’ব পাৰে নেকি?

হয়টো এই কথাটো বহু পুৰুষে অস্বাভাৱিক বুলি ভাবিব পাৰে, কিন্তু বিশেষজ্ঞ চিকিৎসকৰ মতে স্তন কেঞ্চাৰ কেৱল মহিলাসকলৰেই নহয়, পুৰুষসকলৰো হ’ব পাৰে। অৱশ্যে মহিলাৰ তুলনাত পুৰুষৰ ক্ষেত্ৰত ইয়াৰ অশংকা যথেষ্ট কম। মহিলাৰ স্তন কেঞ্চাৰৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰত এই আশংকা ১%তকৈ বেছি নহয়। দৰাচলতে পুৰুষৰো নিপলৰ তলত স্তন টিছ্যু থাকে, য’ত কেঞ্চাৰ বিকাশ হ’ব পাৰে। পুৰুষৰ স্তন কেঞ্চাৰৰো লক্ষণসমূহো মহিলাৰ দৰেই, যেনে—স্তনত গাঁঠি, নিপলৰ পৰা পানী বা অন্য কোনো তৰল পদাৰ্থ ওলোৱা অথবা নিপল ভিতৰলৈ সোমাই যোৱা।

স্তন কেঞ্চাৰৰ লক্ষণসমূহ কি কি?

স্তন কেঞ্চাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰাটো অতি গুৰুত্বপূৰ্ণ। বুকুত বিহহীন গাঁঠিৰ বিকাশ হোৱা, নিপলৰ পৰা পানী বা অন্য তৰল পদাৰ্থ ওলোৱা, নিপল ভিতৰলৈ সোমাই যোৱা, বুকুৰ ছাল কঠিন বা ৰঙা হৈ যোৱা, স্তনৰ আকাৰ বা আকৃতিত পৰিৱৰ্তন দেখা পোৱা আদি স্তন কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে। কিছুমান অভ্যাস আৰু শাৰীৰিক পৰিৱৰ্তনে স্তন কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰিব পাৰে। কম বয়সতে ঋতুস্ৰাৱ আৰম্ভ হোৱা, মেদবহুলতা, সন্তান নোহোৱাৰ উপৰিও সন্তানক স্তনপান নকৰোৱা, একেবাৰে ব্যায়াম নকৰা, মদ, চিগাৰেট বা ধঁপাতৰ আসক্তি আদিৰ অভ্যাসে কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ উপৰিও যদি পৰিয়ালৰ কোনো সদস্যৰ আগতে স্তন কেঞ্চাৰ হৈছিল, তেন্তে এই আশংকা অধিক বৃদ্ধি পায়

কিধৰণে স্তন কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰি?

যদি শৰীৰত অধিক মেদ থাকে, তেন্তে ইয়াক কমাবলৈ চেষ্টা কৰক। বিশেষকৈ ঋতুস্ৰাৱ বন্ধ হোৱাৰ পিছত পেটৰ চাৰিওফালে চৰ্বি জমা হ’ব দিব নালাগে। ৩০ বছৰ বয়সৰ আগতে সন্তান জন্ম দিয়াটো উপকাৰী বুলি ধৰা হয় আৰু সন্তানক অন্ততঃ এবছৰ স্তনপান কৰাব লাগে। ইয়াৰ লগতে স্বাস্থ্যকৰ আহাৰ গ্ৰহণ আৰু প্ৰতিদিনে কিছু ব্যায়াম কৰাটোও অতি প্ৰয়োজনীয়। এনেধৰণৰ সৰু-সুৰা অভ্যাসবোৰে স্তন কেঞ্চাৰৰ আশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে। ২০ বছৰ বয়সৰ পিছত প্ৰতিগৰাকী মহিলাই মাহত অন্তত এবাৰ নিজে নিজৰ স্তন পৰীক্ষা কৰা উচিত। ইয়াৰ ফলত শৰীৰৰ স্বাভাৱিক অৱস্থা বুজি পোৱা যায় আৰু যদি কোনো অস্বাভাৱিক পৰিৱৰ্তন ধৰা পৰে সোণকালেই চিকিৎসকৰ পৰামৰ্শ লওক। কিয়নো যিমান সোনকালে স্তনৰ পৰিৱৰ্তন ধৰা পৰিব, সিমানেই চিকিৎসা সহজ হ’ব। সেয়েহে কোনো সন্দেহজনক লক্ষণ দেখা দিলে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক
জীৱনশৈলী

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

July 24, 2026
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!
বাণিজ্য

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

July 24, 2026
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

July 24, 2026
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?
ভাৰত

ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

July 24, 2026
Next Post
‘পেড্ডী’ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

'পেড্ডী'ত জাহ্নৱী কাপুৰে ৰূপায়ণ কৰা চৰিত্ৰটোক লৈ বিতৰ্ক!

কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

কেনে আছে আহমেদাবাদৰ বিমান দুৰ্ঘটনাত জীয়াই থকা একমাত্ৰ ব্যক্তি বিশ্বাস কুমাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.