• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰ্ধক্য ৰখাবলৈ পুত্ৰৰ পৰা ধাৰে লৈছে যৌৱন! বয়সৰ চকা ওলোটাকৈ ঘূৰাবলৈ খৰচ মাত্ৰ ১৬ কোটি, কি এই চিকিৎসা?

বাৰ্ধক্য ৰখাবলৈ পুত্ৰৰ পৰা ধাৰে লৈছে যৌৱন! বয়সৰ চকা ওলোটাকৈ ঘূৰাবলৈ খৰচ মাত্ৰ ১৬ কোটি, কি এই চিকিৎসা?

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰ্ধক্য ৰখাবলৈ পুত্ৰৰ পৰা ধাৰে লৈছে যৌৱন! বয়সৰ চকা ওলোটাকৈ ঘূৰাবলৈ খৰচ মাত্ৰ ১৬ কোটি, কি এই চিকিৎসা?

বাৰ্ধক্য ৰখাবলৈ পুত্ৰৰ পৰা ধাৰে লৈছে যৌৱন! বয়সৰ চকা ওলোটাকৈ ঘূৰাবলৈ খৰচ মাত্ৰ ১৬ কোটি, কি এই চিকিৎসা?

editor by editor
October 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
বাৰ্ধক্য ৰখাবলৈ পুত্ৰৰ পৰা ধাৰে লৈছে যৌৱন! বয়সৰ চকা ওলোটাকৈ ঘূৰাবলৈ খৰচ মাত্ৰ ১৬ কোটি, কি এই চিকিৎসা?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বয়সক হাতৰ মুঠিত ধৰি ৰাখিব খোজে? বয়সৰ চকা যদি উলোটাকৈ ঘূৰোৱাৰ কোনো উপায় থাকিলহেতেন তেন্তে বোধহয় সকলোৱেই বাৰ্ধক্যক ৰখাই দিলে হেতেন৷ বাৰ্ধক্যক যেনেতেনে ঠেলি ৰখাৰ অদম্য বাসনা এতিয়া বিশ্বজুৰি বহুজনে কৰিছে৷ শৰীৰত বয়সে যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে বাৰ্ধক্যৰ বিৰুদ্ধে যুঁজত নামিছে স্বয়ং পুটিনৰ পৰা আৰম্ভ কৰি আমেৰিকান ধনকুবেৰ ব্ৰায়ান জনছনো৷ বয়স কমোৱাৰ কৌশল বিচাৰি তেওঁলোকে বিভিন্ন পদ্ধতিৰ প্ৰয়োগো শৰীৰৰ ওপৰত কৰিছে৷ ক্ষমতা নিজ হাতত ধৰি ৰাখিবলৈ পুটিনে যৌৱন ধৰি ৰখা ঔষধ সেৱন কৰাৰ বিপৰীতে আমেৰিকান ধনকুবেৰ ব্ৰায়ান জনছনে আকৌ সলনি কৰিছে নিজৰেই প্লাজমা৷

ব্ৰায়ান জনছনেও বাৰ্ধক্য নিবিচাৰে৷ জীৱনৰ শেষ দিন পৰ্যন্ত চিৰযৌৱনা হৈয়েই থাকিব খোজে ব্ৰায়ান৷ তাৰবাবে তেওঁ ভৰসা ৰাখিছে বিশেষ চিকিৎসাৰ ওপৰত৷ বয়স বাঢ়িলেও যেন দেহৰ ওপৰত চাপ নপৰে, চেহেৰাত যাতে যৌৱন ফুটি উঠে তাৰবাবে তেওঁ ভৰসা ৰাখিছে ছুপাৰ ক্লিন প্লাজমাৰ ওপৰত৷ বয়সৰ চাপ নিজৰ দেহৰ পৰা লুকুৱাবলৈকে তেওঁ বিশেষ প্লাজমা থেৰাপি গ্ৰহণ কৰি আছে৷

তেওঁ প্ৰতি বছৰেই এই চিকিৎসাৰ নামত ব্যয় কৰে বিপুল পৰিমানৰ অৰ্থ৷ কেইদিনমান পূৰ্বে ব্ৰায়ানে দিয়া এক সাক্ষাৎকাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ সাক্ষাৎকাৰত তেওঁ জনাইছে যে, তেওঁ বয়স কমোৱাৰ বাবে প্ৰতিদিনে ১০০তকৈয়ো বেছি টেবলেট খায়৷ তেওঁৰ শৰীৰৰ বিভিন্ন অংগত বিভিন্ন ধৰণৰ যন্ত্ৰ লগাই থোৱা হৈছে৷ সেইসমূহে প্ৰতিনিয়ত তেওঁৰ শৰীৰৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখি আহিছে৷ ৪৬ বছৰ বয়সীয়া ব্ৰায়ানৰ সপোন, তেওঁক দেখিবলৈ যাতে ১৮বছৰীয়া তৰুণৰ দৰে সদায়ে লাগে৷

বিশেষকৈ তেওঁ লৈ থকা প্লাজমা থেৰাপিক টোটেল প্লাজমা এক্সচেঞ্জ বুলি কোৱা হয়৷ ব্ৰায়ানে জনাইছে যে, যৌৱন উভতি আহিবলৈ তেওঁ এই প্ৰক্ৰিয়া দেহৰ ওপৰত চলায় আছে৷ তেওঁক চিকিৎসা কৰি আছে ৩০জনতকৈ অধিক চিকিৎসকে৷ চিকিৎসকৰ পৰামৰ্শ মানিয়েই তেওঁৰ শৰীৰৰ পৰা প্লাজমা বাহিৰ কৰা হৈছে৷ প্ৰথমে ব্ৰায়ানৰ শৰীৰত তেওঁৰ পুত্ৰৰ প্লাজমা দিয়া হৈছিল৷ ১৭ বছৰ বয়সীয়া পুত্ৰৰ প্লাজমা লৈ যৌৱন ধৰি ৰাখিব খুজিছে ব্ৰায়ানে৷ সম্প্ৰতি তেওঁ নিজৰ এক্স হেণ্ডেলৰ পৰা এখন ছবি পোষ্ট কৰিছে৷ জনাইছে, দেহৰ সমস্ত প্লাজমা বাহিৰ কৰা হৈছে৷ প্লাজমাৰ সলনি তেওঁৰ দেহত প্ৰৱেশ ঘটোৱা হৈছে এলবুমিনৰ৷ টোটেল প্লাজনা এক্সচেঞ্জ পদ্ধতিত ৰোগীক দাতাৰ প্লাজমা দিয়া হয় বা বিকল্প তৰল দি সেই অভাৱ পূৰণ কৰা হয়৷ ব্ৰায়ানৰ ক্ষেত্ৰত এই পৰ্যায়ত প্লাজমা ব্যৱহাৰ নকৰাকৈ এলবুমিনহে দিয়া হৈছে৷ নিজেই প্লাজমা বাহিৰ কৰাৰ সময়ৰ এখন ফটো শ্বেয়াৰ কৰিছে ব্ৰায়ানে৷

ফটো শ্বেয়াৰ কৰি নিজৰ প্লাজমাক সোণৰ দৰে মূল্যবান ধাতুৰ সৈতে তুলনাও কৰিছে ব্ৰায়ানে৷ তেওঁ থেৰাপিৰ দায়িত্বত থকা চিকিৎসকেও তেওঁৰ প্লাজমাৰ গুণগত মান দেখি বিস্ময় প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে৷ এই প্লাজমা থেৰাপিৰ মূল উদ্দেশ্যই হৈছে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰা৷

সাধাৰণতে প্লাজমাৰ মাজত টক্সিন থাকে৷ কিন্তু ব্ৰায়ানে ইমান কঠোৰ ডায়েট আৰু নিয়ন্ত্ৰণৰ মাজত থাকে যে প্লাজমাত টক্সিন নাই বুলিবই পাৰি৷ থেৰাপিষ্টে এই সন্দৰ্ভত জনাইছে যে, ৯বছৰীয়া চিকিৎসক জীৱনত তেওঁ ইমান বিশুদ্ধ প্লাজমা প্ৰথম দেখিছে৷ এই প্লাজমা চিকিৎসকে পেলাই নিদিও বুলি কৈছে৷ ব্ৰায়ানৰ এই প্লাজমা ব্ৰায়ানে তেওঁৰ পিতৃকো প্ৰদান কৰিছে৷ পিতৃৰ শৰীৰত তেওঁৰ দেহৰ পৰা ১ লিটাৰ প্লাজমা দিয়া হৈছে৷ এই প্লাজমা লৈ পিতৃৰ বয়সো প্ৰায় ২৫ বছৰ কমি গৈছিল বুলি দাবী কৰিছিল আমেৰিকান ধনকুবেৰ ব্ৰায়ানে৷

ঔষধৰ ওপৰিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্য গ্ৰহণ কৰে ব্ৰায়ানে৷ প্ৰতি নিশাই তেওঁ খাই গ্ৰীণ জায়েণ্ট স্মুদি৷ সেই স্মুদিত থাকে কোলাজেনৰ দৰে উপাদান৷ প্ৰতি বছৰে এই বিশেষ চিকিৎসা পদ্ধতিৰ বাবে ১৬ কোটি টকা খৰচ কৰে বুলিও খবৰ প্ৰকাশ পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
৩২ বছৰ পাছত অমাবস্যাতেই শুভ যোগ, কালীপূজাত শনিয়ে ৩ৰাশিক ধনে-ধানে উপচাব

৩২ বছৰ পাছত অমাবস্যাতেই শুভ যোগ, কালীপূজাত শনিয়ে ৩ৰাশিক ধনে-ধানে উপচাব

দুই ভাতৃৰ মতভেদত দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা?

দুই ভাতৃৰ মতভেদত দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.