বয়সক হাতৰ মুঠিত ধৰি ৰাখিব খোজে? বয়সৰ চকা যদি উলোটাকৈ ঘূৰোৱাৰ কোনো উপায় থাকিলহেতেন তেন্তে বোধহয় সকলোৱেই বাৰ্ধক্যক ৰখাই দিলে হেতেন৷ বাৰ্ধক্যক যেনেতেনে ঠেলি ৰখাৰ অদম্য বাসনা এতিয়া বিশ্বজুৰি বহুজনে কৰিছে৷ শৰীৰত বয়সে যাতে প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে বাৰ্ধক্যৰ বিৰুদ্ধে যুঁজত নামিছে স্বয়ং পুটিনৰ পৰা আৰম্ভ কৰি আমেৰিকান ধনকুবেৰ ব্ৰায়ান জনছনো৷ বয়স কমোৱাৰ কৌশল বিচাৰি তেওঁলোকে বিভিন্ন পদ্ধতিৰ প্ৰয়োগো শৰীৰৰ ওপৰত কৰিছে৷ ক্ষমতা নিজ হাতত ধৰি ৰাখিবলৈ পুটিনে যৌৱন ধৰি ৰখা ঔষধ সেৱন কৰাৰ বিপৰীতে আমেৰিকান ধনকুবেৰ ব্ৰায়ান জনছনে আকৌ সলনি কৰিছে নিজৰেই প্লাজমা৷
ব্ৰায়ান জনছনেও বাৰ্ধক্য নিবিচাৰে৷ জীৱনৰ শেষ দিন পৰ্যন্ত চিৰযৌৱনা হৈয়েই থাকিব খোজে ব্ৰায়ান৷ তাৰবাবে তেওঁ ভৰসা ৰাখিছে বিশেষ চিকিৎসাৰ ওপৰত৷ বয়স বাঢ়িলেও যেন দেহৰ ওপৰত চাপ নপৰে, চেহেৰাত যাতে যৌৱন ফুটি উঠে তাৰবাবে তেওঁ ভৰসা ৰাখিছে ছুপাৰ ক্লিন প্লাজমাৰ ওপৰত৷ বয়সৰ চাপ নিজৰ দেহৰ পৰা লুকুৱাবলৈকে তেওঁ বিশেষ প্লাজমা থেৰাপি গ্ৰহণ কৰি আছে৷
তেওঁ প্ৰতি বছৰেই এই চিকিৎসাৰ নামত ব্যয় কৰে বিপুল পৰিমানৰ অৰ্থ৷ কেইদিনমান পূৰ্বে ব্ৰায়ানে দিয়া এক সাক্ষাৎকাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ সাক্ষাৎকাৰত তেওঁ জনাইছে যে, তেওঁ বয়স কমোৱাৰ বাবে প্ৰতিদিনে ১০০তকৈয়ো বেছি টেবলেট খায়৷ তেওঁৰ শৰীৰৰ বিভিন্ন অংগত বিভিন্ন ধৰণৰ যন্ত্ৰ লগাই থোৱা হৈছে৷ সেইসমূহে প্ৰতিনিয়ত তেওঁৰ শৰীৰৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখি আহিছে৷ ৪৬ বছৰ বয়সীয়া ব্ৰায়ানৰ সপোন, তেওঁক দেখিবলৈ যাতে ১৮বছৰীয়া তৰুণৰ দৰে সদায়ে লাগে৷
বিশেষকৈ তেওঁ লৈ থকা প্লাজমা থেৰাপিক টোটেল প্লাজমা এক্সচেঞ্জ বুলি কোৱা হয়৷ ব্ৰায়ানে জনাইছে যে, যৌৱন উভতি আহিবলৈ তেওঁ এই প্ৰক্ৰিয়া দেহৰ ওপৰত চলায় আছে৷ তেওঁক চিকিৎসা কৰি আছে ৩০জনতকৈ অধিক চিকিৎসকে৷ চিকিৎসকৰ পৰামৰ্শ মানিয়েই তেওঁৰ শৰীৰৰ পৰা প্লাজমা বাহিৰ কৰা হৈছে৷ প্ৰথমে ব্ৰায়ানৰ শৰীৰত তেওঁৰ পুত্ৰৰ প্লাজমা দিয়া হৈছিল৷ ১৭ বছৰ বয়সীয়া পুত্ৰৰ প্লাজমা লৈ যৌৱন ধৰি ৰাখিব খুজিছে ব্ৰায়ানে৷ সম্প্ৰতি তেওঁ নিজৰ এক্স হেণ্ডেলৰ পৰা এখন ছবি পোষ্ট কৰিছে৷ জনাইছে, দেহৰ সমস্ত প্লাজমা বাহিৰ কৰা হৈছে৷ প্লাজমাৰ সলনি তেওঁৰ দেহত প্ৰৱেশ ঘটোৱা হৈছে এলবুমিনৰ৷ টোটেল প্লাজনা এক্সচেঞ্জ পদ্ধতিত ৰোগীক দাতাৰ প্লাজমা দিয়া হয় বা বিকল্প তৰল দি সেই অভাৱ পূৰণ কৰা হয়৷ ব্ৰায়ানৰ ক্ষেত্ৰত এই পৰ্যায়ত প্লাজমা ব্যৱহাৰ নকৰাকৈ এলবুমিনহে দিয়া হৈছে৷ নিজেই প্লাজমা বাহিৰ কৰাৰ সময়ৰ এখন ফটো শ্বেয়াৰ কৰিছে ব্ৰায়ানে৷
ফটো শ্বেয়াৰ কৰি নিজৰ প্লাজমাক সোণৰ দৰে মূল্যবান ধাতুৰ সৈতে তুলনাও কৰিছে ব্ৰায়ানে৷ তেওঁ থেৰাপিৰ দায়িত্বত থকা চিকিৎসকেও তেওঁৰ প্লাজমাৰ গুণগত মান দেখি বিস্ময় প্ৰকাশ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে৷ এই প্লাজমা থেৰাপিৰ মূল উদ্দেশ্যই হৈছে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰা৷
সাধাৰণতে প্লাজমাৰ মাজত টক্সিন থাকে৷ কিন্তু ব্ৰায়ানে ইমান কঠোৰ ডায়েট আৰু নিয়ন্ত্ৰণৰ মাজত থাকে যে প্লাজমাত টক্সিন নাই বুলিবই পাৰি৷ থেৰাপিষ্টে এই সন্দৰ্ভত জনাইছে যে, ৯বছৰীয়া চিকিৎসক জীৱনত তেওঁ ইমান বিশুদ্ধ প্লাজমা প্ৰথম দেখিছে৷ এই প্লাজমা চিকিৎসকে পেলাই নিদিও বুলি কৈছে৷ ব্ৰায়ানৰ এই প্লাজমা ব্ৰায়ানে তেওঁৰ পিতৃকো প্ৰদান কৰিছে৷ পিতৃৰ শৰীৰত তেওঁৰ দেহৰ পৰা ১ লিটাৰ প্লাজমা দিয়া হৈছে৷ এই প্লাজমা লৈ পিতৃৰ বয়সো প্ৰায় ২৫ বছৰ কমি গৈছিল বুলি দাবী কৰিছিল আমেৰিকান ধনকুবেৰ ব্ৰায়ানে৷
ঔষধৰ ওপৰিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি খাদ্য গ্ৰহণ কৰে ব্ৰায়ানে৷ প্ৰতি নিশাই তেওঁ খাই গ্ৰীণ জায়েণ্ট স্মুদি৷ সেই স্মুদিত থাকে কোলাজেনৰ দৰে উপাদান৷ প্ৰতি বছৰে এই বিশেষ চিকিৎসা পদ্ধতিৰ বাবে ১৬ কোটি টকা খৰচ কৰে বুলিও খবৰ প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ