এদিন দুদিন নহয়, ২২ দিন চকুৰ পতা জপাবলৈ দিয়া হোৱা নাছিল৷ বেছিভাগ সময়ে চকুত বান্ধি দিয়া হৈছিল ক’লা কাপোৰ৷ অকথ্য গালিগালাজৰ মাজত তথ্য সুধি কৰা হৈছিল প্ৰশ্ন৷ পাক ৰেঞ্জাৰ্ছৰ হাতৰ পৰা BSF জোৱান পূৰ্ণমকুমাৰ ছাউৰ মুক্তিৰ পাছতেই বন্দী অৱস্থাত তেওঁক কি কি নাৰকীয় অত্যাচাৰ কৰা হৈছিল সকলোবোৰৰ বিৱৰণ তেওঁ দাঙি ধৰিছে৷
পহেলগাম আক্ৰমণৰ পাছৰ দিনাই ভুল কৰি পাক ভূখণ্ডত সোমাই পাক ৰেঞ্জাৰ্ছৰ হাতত বন্দী হৈছিল বিএছ এফ জোৱান পূৰ্ণম কুমাৰ ছাউ৷ তাৰপিছতেই ২২ দিন ধৰি ৰুদ্ধশ্বাস সময় তেওঁ কটাবলগীয়া হৈছিল পাকিস্তানত৷ দুই দেশৰ দফায় দফায় বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বুধবাৰে পুৱা পাক সেনাৰ হাতৰ পৰা মুক্তি লাভ কৰিছে পূৰ্ণমে৷ তাৰপাছতেই নিয়ম মানি তেওঁৰ শাৰীৰিক পৰীক্ষা কৰোৱা হৈছে৷ বিএছএফ অফিচাৰসকলে তেওঁক সোধপোছো অব্যাহত ৰাখিছে৷ তাতেই ওলাইছে কেইবাটাও চাঞ্চল্যকৰ তথ্য৷
বি এছ এফ সূত্ৰৰ পৰা জনা গৈছে, আৱদ্ধ হৈ থকাৰ অধিকাংশ সময়েই চকু বান্ধি ৰখা হৈছিল পূৰ্ণমৰ৷ মুঠ তিনি দিন তিনি স্থানলৈ লৈ যোৱা হৈছিল তেওঁক৷ তাৰমাজত আছিল এয়াৰবেছো৷ এয়াক্ৰাফ্টৰ শব্দ শুনি পূৰ্ণমে সেইয়া অনুমান কৰিব পাৰিছিল৷ ৰখা গৈছিল গাঁততো৷ শাৰীৰিক অত্যাচাৰ নকৰিলেও মানসিকভাৱে বিধ্বস্ত কৰি দিয়া হৈছিল পূৰ্ণমক৷ ২২ দিন তেওঁক চকুৰ পতা লগাবলৈ দিয়া হোৱা নাছিল৷ ইয়াৰ সৈতে অকথ্য গালিগালাজ প্ৰতিসময়তে চলিছিল৷ বিএছ এফৰ একাধিক গোপন তথ্য আদায়ৰো চেষ্টা কৰিছিল পাক সেনাই৷ সীমান্তত কেনেকৈ সেনা মোতায়েন কৰা হৈছে সেই সংক্ৰান্তিয় খবৰ জনাৰ চেষ্টা কৰিছিল৷ একাধিক অফিচাৰৰ ব্যক্তিগত তথ্য আৰু ফোন নম্বৰ আদায়ৰো চেষ্টা কৰিছিল পাক সেনাই৷ অৱশ্যে পূৰ্ণমৰ হাতত ফোন নথকাৰ বাবে বিশেষ তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল সেনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















