অসম লাইভ২৪ঃ
গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ ১০ টা বৃহৎ ঘোষণা-
লখিমপুৰত নিৰ্মাণ হোৱা মাধৱদেৱ কলাক্ষেত্ৰই পূৰ্ণতা পাব ২০২৩ বৰ্ষতেই৷
বহাগ বিহুত গঢ়া হ’ব বিশ্ব ৰেকৰ্ড৷ ১০ ৰ পৰা ১৫ হাজাৰ ঢুলীয়াই ঢোল বজাই গঢ়িব বিশ্ব ৰেকৰ্ড৷ অনুষ্ঠিত কৰা হ’ব বৃহৎ সামাজিক অনুষ্ঠান৷
২০২৩ ত দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰে গ্ৰহণ কৰিব কেইবাখনো আঁচনি৷
পুনৰ ৮ লাখ মহিলা অন্তৰ্ভূক্ত হ’ব অৰুণোদয় আঁচনিত৷
দৰিদ্ৰতা নিৰ্মূলৰ বাবে নতুনকৈ ৪০ লাখ লোকলৈ চৰকাৰে আগবঢ়াব ৰেচন কাৰ্ড৷
ফেব্ৰুৱাৰীৰ ভিতৰত ২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব ৰাজ্য চৰকাৰে৷
২০২৩ তে ৰাজ্যত অনুষ্ঠিত কৰিব ক্ৰীড়া সমাৰোহ৷
দেশমাতৃৰ স্বাৰ্থত ত্যাগ স্বীকাৰ কৰা আৰক্ষীৰ পৰিয়াললৈ সংস্থাপন৷
চুক্তি অনুসৰিয়েই বিটিআৰত ৪৩ খন বড়ো গাওঁ আৰু ১৭ খন বন গাওঁ অন্তৰ্ভুক্ত হ’ব৷
গুণোৎসৱৰ আৰ্হিত এইবাৰৰ পৰা অনুষ্ঠিত হ’ব স্বাস্থ্য সেৱা উৎসৱ৷ গুণগত চিকিৎসা সেৱা দিয়াৰ বাবে এই ব্যৱস্থা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ