ব’হাগৰ পূৰ্ণিমা তিথিত প্ৰতি বছৰে পালিত হয় বুদ্ধ পূৰ্ণিমা৷ ব’হাগৰ পূৰ্ণিমাতেই যিশু খ্ৰীষ্টৰ জন্মৰ ৫৬৩ বছৰ পূৰ্বে নেপালৰ লুম্বিনীত জন্মগ্ৰহণ কৰিছিল বুদ্ধদেৱে৷ সন্ন্যাস গ্ৰহণৰ পূৰ্বে মহাৰাজ শুদ্ধোদন আৰু মা যশোধৰাৰ এই পুত্ৰৰ নাম আছিল সিদ্ধাৰ্থ৷ তেওঁ ক্ষমা, প্ৰেম আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰে৷ হিন্দুধৰ্মত গৌতম বুদ্ধক বিষ্ণুৰ দশাৱতাৰ অন্যতম বুলি কোৱা হয়৷
বুদ্ধ পূৰ্ণিমাৰ ইতিহাস
এই বছৰ বুদ্ধ পূৰ্ণিমা পালিত হৈছে ১২ মে ২০২৫ সোমবাৰে৷ ২৫০০ বছৰ পূৰ্বে বুদ্ধৰ জন্ম হৈছিল বুলি কোৱা হয়৷ শাক্য বংশৰ ৰাজপুত্ৰ হৈয়ো সংসাৰ ত্যাগ কৰি তেওঁ সন্ন্যাস গ্ৰহণ কৰে৷ কঠোৰ কৃচ্ছসাধন কৰি তেওঁ তপস্যা কৰে৷ ধাৰণা কৰা হয় যে ৰাজপুত্ৰ সিদ্ধাৰ্থ সৰুৰে পৰাই জীৱনৰ দুঃখ কষ্টৰ বিষয়ে অজ্ঞান আছিল৷ ২৯ বছৰ বয়সত তেওঁ প্ৰথম ৰাজপ্ৰসাদৰ পৰা বাহিৰলৈ ওলাই অসুস্থ, জৰাগ্ৰস্থ আৰু শৱদেহ দেখি জীৱনৰ কঠোৰ বাস্তৱ সম্পৰ্কে জানিব পাৰে৷ ইয়াৰ ফলত সাংসৰিক সুখ সম্পৰ্কে সম্পূৰ্ণ উদাসীন হৈ আত্মপোলব্ধি কৰিবলৈ তেওঁ প্ৰাসাদ ত্যাগ কৰে৷ ইয়াৰ পাছতেই বোধি অৰ্থাৎ জ্ঞান লাভ কৰি তেওঁ বুদ্ধ হয়৷
বুদ্ধ পূৰ্ণিমা পালন
আমাৰ দেশত বুদ্ধগয়াত এই দিনটোত বিশেষ উপাসনা কৰা হয়৷ ইয়াৰোপৰি থাইলেণ্ড, চীন, কম্বোডিয়া, নেপাল, তিব্বত আৰু শ্ৰীলংকাত বুদ্ধ পূৰ্ণিমা বিশেষ উৎসাহেৰে পালিত হয়৷ এই দিনটোত দান, ধ্যান আদি কৰে বৌদ্ধ ধৰ্মাৱলম্বীসকলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















