৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশন৷ ১ ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ দিনৰ ১১ বজাত দাখিল কৰিব বাজেট৷ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অভিভাষণৰ পাছতেই আৰম্ভ হ’ব বাজেট অধিবেশন৷
এইবৰ্ষৰ বাজেটত কেন্দ্ৰই কৃষকসকলৰ বাবে বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ ৫ ৰাজ্যত অব্যাহত নিৰ্বাচনী বতাহৰ মাজতে এইবাৰৰ বাজেটক লৈ বিশেষভাৱে আশাবাদী দেশৰ কৃষকসকল৷ তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ পাছতেই কেন্দ্ৰৰ সম্ভাৱ্য বাজেটক লৈ উৎকণ্ঠাত দেশৰ কৃষকসকল৷
উল্লেখ্য, বাজেট অধিৱেশনৰ প্ৰথম ভাগ চলিব ১১ ফেব্ৰুৱাৰীলৈকে৷ ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ চলিব বাজেট অধিৱেশনৰ দ্বিতীয় ভাগ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















