বৰ্তমান বুধে অৱস্থান কৰিছে সিংহ ৰাশিত৷ তাতেই সূৰ্যৰ সৈতে মিলি গঠন কৰিছে বুধাদিত্য ৰাজযোগ৷ আগন্তুক ২৩ ছেপ্টেম্বৰৰ পুৱা ৯ বাজি ৩০ মিনিটত বুধে সিংহ এৰি কন্যাত গোচৰ কৰিব৷ কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ নিজেই৷ অৰ্থাৎ বুধে নিজৰ ঘৰতেই প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত জ্ঞান বুদ্ধিৰ কাৰক গ্ৰহ বুধৰ শক্তি আৰু ক্ষমতা বৃদ্ধি পাব৷ বুধে কন্যা ৰাশিত গোচৰ কৰিলে গঠিত হ’ব ভাদ ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে যে এই ৰাজযোগৰ ফলত কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুত উন্নতি হ’ব৷ জানি থওক কন্যাত বুধৰ গোচৰৰ ফলত কেৰিয়াৰৰ গ্ৰাফ কোন কোন ৰাশিৰ ওপৰলৈ যাব৷
বৃষ ৰাশি
বুধৰ গোচৰৰ প্ৰভাৱৰ শুভ ফলাফল পাব বৃষ ৰাশিৰ জাতকে৷ বিশেষকৈ সাংবাদিকতাৰ কামৰ সৈতে যুক্তসকলে তেওঁলোকৰ জীৱনত বৃহৎ উন্নতিৰ সুযোগ পাব৷ প্ৰেম আৰু দাম্পত্য সম্পৰ্কৰ বাবে অনুকূল সময় আপোনাৰ সন্মুখত৷ আৰ্থিকভাৱেও উন্নতি কৰিব বৃষ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ আপোনাৰ প্ৰমোছনৰ কথা ভাৱিব মেনেজমেণ্টে৷
মিথুন ৰাশি
ভাদ ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব আপুনি৷ কোনো নতুন দায়িত্ব আৰু পদ পাব পাৰে৷ আপোনাক লৈ চিনিয়ৰসকলৰ ধাৰণা উন্নত হ’ব৷ অন্য চাকৰিৰো প্ৰস্তাৱ আপুনি পাব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিতেই গোচৰ কৰিব বুধে৷ অধিপতি গ্ৰহ বুধে কন্যাত অহাৰ ফলত জীৱনত নানান দিশৰ পৰা উন্নতি কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পাব পাৰে৷ পেছাগত জীৱনত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ এই সময়ত আপোনাৰ ব্যৱসায় উন্নত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷ ফিটনেছৰ প্ৰতি নজৰ দিয়ক৷ চৰকাৰী ফাণ্ডৰ পৰা ধন পাব পাৰে৷
বৃশ্চিক ৰাশি
বুধৰ গোচৰৰ শুভ প্ৰভাৱত প্ৰচুৰ টকা পইচা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ব্যক্তিগত জীৱনত এই সময়ত ভায়েক ভনীয়েকক কাষত পাব আপুনি৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সম্পৰ্ক থাকিব৷
মকৰ ৰাশি
ভাদ ৰাজযোগ গঠিত হ’লে ২৩ ছেপ্টেম্বৰৰ পৰা উন্নতিৰ সুযোগ পাব মকৰ ৰাশিৰ জাতকে৷ পেছাগত জীৱনত আপুনি এনে কিছু সুযোগ পাব৷ যিয়ে আপোনাৰ কেৰিয়াৰত বহুক্ষেত্ৰত আগুৱাই যাব৷ এই সুযোগৰ বাবে আপুনি বহু দিন ধৰি অপেক্ষা কৰি আছিল৷ ব্যক্তিগত জীৱনত পিতৃ আৰু শিক্ষকৰ সাহায্য পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















